নতুন দিল্লীৰ এটা কাৰখানাত বিধ্বংসী অগ্নিকাণ্ডঃ কথমপি প্ৰাণ ৰক্ষা বহু লোকৰ


  

দিল্লীত দেওবাৰে এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। দক্ষিণ দিল্লীৰ চন্দন হল অঞ্চলত থকা এটা কাৰখানাত এই বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ঘটনাত বৰ্তমানলৈকে কোনো লোক আহত বা নিহত হোৱাৰ খবৰ লাভ কৰা নাই। 

প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে পুৱা প্ৰায় ২ বাজি ১১ মিনিটত চন্দন হল অঞ্চলৰ পঞ্জাব নেশ্যনেল বেংকৰ সমীপত অৱস্থিত কাৰখানাটোত হঠাতে জুইৰ সূত্ৰপাত ঘটে। অতি কম সময়ৰ ভিতৰতে  সমগ্ৰ কাৰখানা চৌহদতে  জুই বিয়পি পৰে আৰু সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হয়। পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাত অগ্নিনিৰ্বাপক  বাহিনীক খবৰ দিয়া হয়। 

পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ মুঠ ১৫খনকৈ বাহন ঘটনাস্থলীত উপস্থিত হয়।  তৰ পাছত জুই নিৰ্বাপন কাৰ্যত নিয়োজিত হয়। দীৰ্ঘ সময়ৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে জুই সম্পূৰ্ণৰূপে নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ইপিনে কাৰখানাটোত কি কাৰণত এই ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল, সেই বিষয়ে বৰ্তমানো সঠিক তথ্য জানিব পৰা নাই। সমগ্ৰ ঘটনা সন্দৰ্ভত কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে।

Post a Comment

Previous Post Next Post