ইটানগৰৰ নামঘৰত বাৰ্ষিক বৰসবাহৰ আয়োজন


 

অৰুণাচল প্ৰদেশত বসবাস কৰা অসমীয়া সকলে আজিও ধৰি ৰাখিছে অসমীয়া বৈষ্ণৱ পৰম্পৰাসমূহ। ৰাজ্যখনৰ দেওমালীৰ পৰা আৰম্ভ কৰি  টাৱাং পৰ্যন্তলৈকে আজিও বৈষ্ণৱ পৰম্পৰা অনুসৰি শতাধিক নামঘৰত গুঞ্জৰিত হৈ আছে গুৰুজনাই দি যোৱা নাম-প্ৰসংগ। নামঘৰসমূহত নিয়মিতভাৱে চাকি-বন্তি জ্বলোৱাৰ লগতে বছৰেকীয়া ধৰ্মীয় উৎসৱসমূহ উলহ-মালহেৰে উদযাপন কৰি অহা হৈছে।

এই পৰম্পৰা ৰক্ষা কৰি অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ 'পি চেক্টৰ'ত থকা নামঘৰত আধ্যাত্মিক পৰিৱেশৰ মাজত বাৰ্ষিক বৰসবাহৰ আয়োজন কৰা হয়। বৰসবাহ উপলক্ষে কেৱল ইটানগৰৰে নহয়, কাষৰীয়া নাহৰলগুন আৰু অসমৰ পৰাও কেইবাজনো ভকত-বৈষ্ণৱ তথা আইমাতৃ আহি নামঘৰত উপস্থিত হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই বৰসবাহৰ নাম-প্ৰসংগ আৰু নাম-কীৰ্তনে সমগ্ৰ অঞ্চলটোত এক পবিত্ৰ পৰিৱেশৰ সৃষ্টি কৰে।

এই অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল অসমৰ নাৰায়ণপুৰস্থিত ভোগপুৰ সত্ৰৰ নামাচাৰ্য নিৰ্মল নেওগৰ উপস্থিতি। তেওঁ বৰসবাহত ভকতসকলৰ সৈতে সুমধুৰ বৃন্দাবনী নাম পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। অৰুণাচলৰ বিভিন্ন নামঘৰত অসমীয়া লোকসকলে প্ৰত্যেক বছৰে আয়োজন কৰি অহা এই বৰসবাহ আৰু শংকৰী ভাওনা উপভোগ কৰিবলৈ থলুৱা অৰুণাচলী লোকসকলো আগ্ৰহেৰে আহে। 

কোনো চৰকাৰী অনুদান অবিহনে কেৱল থলুৱা ৰাইজৰ দান-বৰঙণি আৰু উৎসাহেৰে গঢ়ি উঠা এই নামঘৰসমূহে দীৰ্ঘদিন ধৰি অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত এক সুদৃঢ় সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিছে।

Post a Comment

Previous Post Next Post