ঢকুৱাখনাৰ বিশিষ্ট সাহিত্যিক মোহন লাগাচুক মিচিং জাতীয় সংগঠনৰ সম্বৰ্ধনা



 "তানি" বংশৰ অৰ্থাৎ মানৱ জাতিৰ পিতৃ পুৰুষ আবুতানি গ্ৰন্থৰ পাণ্ডুলিপিৰ বাবে ঢকুৱাখনাৰ বিশিষ্ট কবি, সুলেখক সাহিত্যিক মোহন লাগাচুলৈ অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থবৰ্ষৰ ২০২৫ ফেল’শ্বিপ সন্মান  আগবঢ়াইছে। 

ঢকুৱাখনা সম-জিলাৰ পূৱ ঢকুৱাখনা ভোমা লাগাচু গাঁৱৰ বাসিন্দা লাগাচুৱে ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় ভাষা সাহিত্য, শিক্ষা সংস্কৃতি সকলো ক্ষেত্ৰলৈ অতূল্য অৱদান আগবঢ়াই যোৱাৰ সমান্তৰালভাৱে জনগোষ্ঠীটোৰ প্ৰতি শেহতীয়া ঐতিহাসিক অৱদানৰ বাবে অৰ্জন কৰা স্বীকৃতিযে সুখ আৰু আনন্দৰ ধাৰা প্ৰবাহিত কৰিছে জনগোষ্ঠীয় ৰাইজ, সংগঠনৰ মাজত। 

নীৰৱ সাহিত্য চৰ্চাৰে এই সন্মান আজুৰি আনিবলৈ সক্ষম হোৱা বিশিষ্ট লেখক লাগাচুক মিচিং জাতীয় সংগঠন টাকাম  মিচিং পৰিন কৌবাং, মিচিং মিমাগ কৌবাং আৰু টাকাম মিচিং মিমে কৌবাংৰ তৰফৰ পৰা সাংগঠনিকভাৱে সম্বৰ্ধনা জনোৱা হয়। জাতীয় সংগঠন কেইটাৰ ঢকুৱাখনা জিলা সমিতিৰ এটা সজাতি দলে বিশিষ্ট কবি সুলেখক গৰাকীক নিজা বাসগৃহত সাক্ষাৎ কৰি সম্বৰ্ধনা জনাই সুস্বাস্থ্য,  দীৰ্ঘজীৱন কামনা কৰি বৰেণ্য সৃষ্টিশীলতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আহ্বান জনায়। 

লেখক লাগাচুক টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য অমৰজিৎ দলেৰ লগতে জিলা সমিতিৰ সভাপতি চুলতান পাটিৰ , এম এম কেৰ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি হিতেশ্বৰ চুংক্ৰাং, সম্পাদক অমৃত দলে, স্থানীয় শিক্ষক ফিৰোজ লাগাচুৰ লগতে কেইবাগৰাকীও সতীৰ্থ আৰু বিশিষ্ট ব্যক্তিয়ে গামোচা, মানপত্ৰৰে উষ্ণ সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

Post a Comment

Previous Post Next Post