নৱ প্ৰজন্মৰ বিদ্যাৰ্থীসকলক পুথিগত জ্ঞানৰ লগতে সহ শিক্ষাৰে উজ্জীৱিত কৰাত ঢকুৱাখনাত এক নীৰৱ প্ৰয়াস চলাই আহিছে আভা এ ক্ৰিয়েটিভ গ্রুপে। বৃহত্তৰ পশ্চিম ঢকুৱাখনাত নাট্য শিল্পৰ ধাৰাবাহিক চর্চা আৰু প্ৰশিক্ষণৰ বাটকটীয়া ভূমিকা গ্ৰহণ কৰি অহা এই বেচৰকাৰী সামাজিক সাংস্কৃতিক অনুষ্ঠান "আভা"ৰ উদ্যোগত এইবাৰো আৰম্ভ হ’ল গ্ৰীষ্মকালীন নাট কৰ্মশালা ২০২৬।
দেওবাৰে পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগিতাত বিদ্যালয় প্ৰেক্ষাগৃহৰ এক জনাকীৰ্ণ পৰিবেশত এই কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ ডেকা সত্ৰীয়া বিজু গোস্বামীয়ে এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই কৰ্মশালাৰ শুভ উদ্বোধন কৰে।
কৰ্মশালাৰ আয়োজক "আভা"ৰ সঞ্চালক নাট্যকৰ্মী ক্ষীৰোদ নেওগে আঁত ধৰা উদ্বোধনী অনুষ্ঠানৰ প্ৰাৰম্ভতে ,জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, অসমীয়া নাট্য, সাহিত্য আৰু সংগীত জগতৰ মহীৰূহ ,গণশিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা , বিষ্ণু প্ৰসাদ ৰাভা, ডঃ ভূপেন হাজৰিকা , জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত ধুপ ,বন্তি প্ৰজ্বলনেৰে কৰ্মশালাৰ শুভ উদ্বোধন কৰে উদ্বোধক ডেকা সত্ৰীয়া বিজু গোস্বামীয়ে।
বৃহত্তৰ অঞ্চলটোৰ বহু সংখ্যক প্ৰশিক্ষাৰ্থী, অভিভাৱক, নবীন প্ৰবীণ নাট্য কৰ্মী, শুভাকাংক্ষী ৰাইজ আৰু বিশিষ্ট নাগৰিক সকল উপস্থিত থাকি "আভা"ৰ এনে সময়োপযোগী আৰু দায়বদ্ধ পদক্ষেপৰ একেমুখে শলাগ লয়। অনুষ্ঠানৰ স্মৃতি তৰ্পণ কাৰ্যসূচী সম্পন্ন কৰে পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰদীপ দত্ত, অৱসৰী শিক্ষাবিদ ৰেবত চন্দ্ৰ দত্ত , প্ৰবীণ নাট্যকৰ্মী নৃপেন বৰা আৰু "আভা" সভাপতি হিৰণ্য বৰফুকনে ।
প্রশিক্ষাৰ্থী জিজ্ঞাশী নেওগ ,গুণগুণ শৰ্মাৰ দৃষ্টিনন্দন নৃত্য পৰিবেশন, প্ৰিয়াংগনা নেওগৰ গীতৰ শৰাই, প্ৰতিষ্ঠিত কবি নয়নমণি দাসৰ কবিতাৰ কৰণীৰ লগতে প্রশিক্ষাৰ্থী সকলৰ মনোগ্ৰাহী সাংস্কৃতিক অনুষ্ঠানে মনোজ্ঞ কৰি তোলা উদ্বোধনী অনুষ্ঠানত মাছখোৱাৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান "উইকেন"ৰ পৰিচালন সঞ্চালক ৰঞ্জিত শৰ্মা, প্ৰবীণ নাট্য কৰ্মী নৃপেন বৰা, কবি নয়নমণি দাস, প্ৰিয়াক্ষী কলিতা, যুৱ নাট্যকৰ্মী নিতুল বৰ্মন, ৰক্তিম বৰগোঁহাই, মহানন্দ খাউণ্ড আদিয়ে শুভেচ্ছামূলক বক্তব্য আগবঢ়াই প্ৰশিক্ষাৰ্থী সকলক অনুপ্ৰাণিত কৰে।
