অহা বছৰৰ পৰা ১ কোটি উদ্যান শস্যৰ পুলি বিতৰণৰ লক্ষ্য স্থিৰ কৰিছে কৃষি বিভাগেঃ পীযুষ হাজৰিকা


 

কামৰূপৰ কাহিকুছিস্থিত উন্নত প্ৰজাতিৰ উদ্যান শস্যৰ উৎপাদন কেন্দ্ৰৰ চৌহদত দেওবাৰে এক বিশেষ কাৰ্যসূচী ৰূপায়ন কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আয়োজিত "বীজ আৰু ৰোপণ সামগ্ৰীৰ আনুষ্ঠানিক বিতৰণ" কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্যৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই।এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে প্ৰায় ১০০ গৰাকী কৃষকৰ মাজত আনুষ্ঠানিকভাৱে ফল-মূলৰ পুলি, মাটিমাহ আৰু মগু মাহৰ বীজ তথা স্প্ৰেয়িং মেচিন বিতৰণ কৰে। উক্ত অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপজ্যোতি ৰাজখোৱা, উদ্যান কৃষি বিভাগৰ সঞ্চালক নৃপেন চন্দ্ৰ দাসৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।  ইপিনে অসম কৃষি বিশ্ববিদ্যালয়ৰ এই আদৰণীয় পদক্ষেপক ধন্যবাদ জনাই মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে, কৃষি বিভাগে সমগ্ৰ অসমতে ১ কোটি উচ্চ উৎপাদনক্ষম উদ্যান শস্যৰ পুলি বিতৰণৰ এক অভিলাষী লক্ষ্য স্থিৰ কৰিছে। লগতে  অনুষ্ঠানত ফল-মূল আৰু নগদ শস্য উৎপাদনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। 

উল্লেখ্য যে,মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে,একেডৰা মাটিতে পৰিকল্পিতভাৱে সমান্তৰালভাৱে নাৰিকল, জালুক, আনাৰস আৰু ড্ৰেগন ফ্ৰুট আদিৰ দৰে লাভজনক শস্যৰ মিশ্ৰিত খেতি  কৰিলে কৃষক পৰিয়ালসমূহৰ অৰ্থনৈতিক লাভা লাভ বহুগুণে বৃদ্ধি পাব। ৰাজ্যৰ যুৱ প্ৰজন্মই কম দৰমহাৰ সাধাৰণ চাকৰিৰ বাবে বহিঃৰাজ্যলৈ ঢাপলি মেলাৰ পৰিৱৰ্তে বাণিজ্যিক কৃষিক আকোৱালি ল’ব লাগে।  

লগতে তেওঁ  উল্লেখ কৰে যে, কম উৎপাদনৰ বাবে কেৰ্কেটুৱাৰ উপদ্ৰৱ বা মোবাইল টাৱাৰৰ বিকিৰণ আদিৰ দৰে অপ্ৰমাণিত কাৰণসমূহক জগৰীয়া কৰাৰ সলনি যুৱ প্ৰজন্মক কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰু প্ৰতিটো সমস্যাৰ ব্যৱহাৰিক সমাধান বিচাৰি উলিয়াবলৈ তেওঁ আহ্বান জনায়।

আনফালে,  কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ সংকল্পৰ কথা দোহাৰি মন্ত্ৰীগৰাকীয়ে বিক্ৰেতাসকলক কঠোৰ সকীয়নী প্ৰদান কৰে। সৰ্বাধিক খুচুৰা মূল্যতকৈ অধিক দামত সাৰ বিক্ৰী কৰা বিক্ৰেতাসকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে। এই বছৰ সঠিক সময়ত ধানৰ বীজ বিতৰণ কৰাৰ ফলত স্থানীয় খেতিয়কসকল যথেষ্ট উপকৃত হৈছে বুলিও তেওঁ উল্লেখ কৰে। পি.এম-কিষাণ আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ দৰে কেন্দ্ৰীয় আঁচনিসমূহৰ সুবিধা যাতে অধিক সংখ্যক কৃষকে লাভ কৰিব পাৰে, তাৰ বাবে বিভাগীয়ভাৱে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া সম্প্ৰসাৰিত কৰাৰ দিশত কাম চলি আছে। খেতিয়কসকলক এই পুঁজিৰ সঠিক সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।

এইখিনিতে উল্লেখ কৰিব  লাগিব যে, দেশৰ বৃহৎ আমদানি ব্যয় হ্ৰাস কৰাৰ স্বাৰ্থত থলুৱা খেতিয়কসকলক তৈলজাতীয় শস্য আৰু মাহজাতীয় শস্য উৎপাদনত মনোনিবেশ কৰিবলৈ অনুৰোধ জনোৱা হয়।  পেট্ৰ’লত ইথানল মিশ্ৰণক লৈ কিছুসংখ‍্যক ন‍্যষ্ট স্বাৰ্থৰ ব‍্যক্তিয়ে চলোৱা অপপ্ৰচাৰে কৃষকসকলৰ অৰ্থনৈতিক স্বাৰ্থতহে আঘাত হানিব বুলি তেওঁ মন্তব্য কৰে।

Post a Comment

Previous Post Next Post