বিধানসভা চৌহদলৈ অখিলে কিয় পিন্ধি আহিলে লাইফ জেকেট...

 


আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিবেশন। এই অধিবেশন ৬জুলাই ২০২৬ৰ পৰা ৩১ জুলাইলৈকে চলিব। অধিবেশনৰ সময়ছোৱাত উত্থাপন হ'ব ১২খনকৈ সংশোধনী বিধেয়ক। তাৰোপৰি ১০ জুলাইত বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দাখিল কৰিব ২০২৬-২৭ বৰ্ষৰ বাজেট। 

পিছে আজিৰ এই বাজেট অধিবেশনলৈ অহাৰ সময়ত অনন্য ৰূপত দেখা গ'ল শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক। প্ৰচণ্ড গৰমকো নেওচি তেওঁ পৰিধান কৰি আহে এটি লাইফ জেকেট।

কমলা ৰঙৰ লাইফ জেকেট পৰিধান কৰা গগৈৰ হাতত দেখিবলৈ পোৱা গ'ল এখন প্লে-কাৰ্ডো। গগৈৰ হাতত থকা এই কাৰ্ডখনত লিখা আছে- শিৱসাগৰৰ কৃত্ৰিম বানপানী কেতিয়া নিয়মন্ত্ৰণ হ'ব ? শিৱসাগৰ নগৰৰ কৃত্ৰিম বানপানী ৰোধ কৰাৰ প্ৰতিবাদত তেওঁ এনেদৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে, আজিৰ দিনটোত বিধানসভাত অখিলে গুৰুতৰ অভিযোগ উত্থাপন কৰে। ৰাজ্যৰ থানাসমূহত গোচৰ পঞ্জীয়ন নকৰাৰ অভিযোগ তোলে অখিল গগৈয়ে। তাৰোপৰি সংসদীয় পৰিক্রমা দপ্তৰৰ মন্ত্রী পীযুষ হাজৰিকাৰে তৰ্কযুদ্ধতো লিপ্ত হয় অখিল গগৈ। বিধায়ক গগৈয়ে ১ জুলাই ২০২৪ৰ পৰা ৩০ জুন ২০২৬লৈ ৰুজু হোৱা গোচৰৰ তথ্য বিচাৰে।

ইফালে সদনত মন্ত্রী পীযুষ হাজৰিকাই ইয়াৰ উত্তৰ দি কয় যে, জেনেৰেল ডায়েৰি এন্ট্রি আৰু এফ আই আৰ দিয়াৰ মাজত পাৰ্থক্য আছে। GD এন্ট্রিৰ সংখ্যা পৰৱৰ্তী পৰ্যায়ত বিধায়কগৰাকীক দিবলৈ পৰামৰ্শ অধ্যক্ষই।

আনহাতে ৰাজ্যৰ শিক্ষা খণ্ডক লৈয়ো বিধায়ক অখিল গগৈয়ে অভিযোগ তোলে। বিজেপিৰ দিনত চৰকাৰী শিক্ষা খণ্ডত ২৬লাখ শিক্ষাৰ্থী হ্রাস পোৱা বূুলি কৈ ইয়াক দুৰ্ভাগ্যজনক আখ্যা দিয়ে। অখিল গগৈ কয়- ‘চৰকাৰী বিদ্যালয়সমূহত শিক্ষকৰ অভাৱ। স্নাতক মহাবিদ্যালয়সমূহত কোনো আন্তঃগাঁথনি নাই।’ 

Post a Comment

Previous Post Next Post