লামডিঙত দিন দুপৰতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পানী পৰিশোধন কেন্দ্ৰৰ পানী টেংকিৰ পৰা উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ।
লামডিঙৰ মাজমজিয়াত থকা ৰে'লৱে ফিল্টাৰ হাউচৰ পানী সংৰক্ষণ কৰা পানীৰ টেঙ্কিত অফিচাৰ্চ ক'লনিৰ নিৱাসী কৌশিক দে' নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। যুৱকজনক হত্যা কৰি পানী টেঙ্কিত পেলাই দিয়াৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে।
উল্লেখ্য যে, শনিবাৰৰ পুৱতি নিশাৰ পৰা নিখোজ হৈ আছিল কৌশিক দে। পৰিয়ালৰ লোকে বিভিন্ন অঞ্চলত কৌশিকক বিচাৰি হাহাকাৰ কৰি থকাৰ সময়তে ৰেলৱেৰ ফিল্টাৰ হাউচৰ পানী সংৰক্ষণ টেংকিৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে ।
ইফালে, পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰি কয় যে, কোনো দুষ্কৃতিকাৰীয়ে যুৱকজনক হত্যা কৰি হত্যাৰ প্ৰমাণ লুকুৱাৰ উদ্দেশ্যেই দুৰ্বৃত্তই পানী টেঙ্কিত পেলাই থৈ যায়। এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত তাৎক্ষণিকভাৱে লামডিং থানাৰ আৰক্ষী লগতে ৰে'লৱে সুৰক্ষা বাহিনীৰ ( RPF)ৰ এটা দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও লৈ প্ৰেৰণ কৰে। ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
