CJPয়ে দেখুৱাই দিলে...



 এসময়ত ব্ৰিটিছক খেদিবলৈ অহিংসাৰ পথেৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল জাতিৰ পিতা মহাত্মা গান্ধীয়ে। সেই অহিংসাৰ আদৰ্শ আগত ৰাখিয়েই যেন সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে ক’কৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদকাৰীসকলে। সাধাৰণতে ইমান বৃহৎ সংখ্যক প্ৰতিবাদকাৰী সমবেত হোৱা ধৰ্ণাস্থলীত কিছু হিংসাত্মক ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয়।

চিজেপিৰ আজিৰ প্ৰতিবাদৰ ওপৰত দৃষ্টি ৰখা লোকসকলে এয়াও নিশ্চয় দেখিছে যে, কেনেদৰে প্ৰতিবাদকাৰীসকলে নৱপ্ৰজন্মৰ ভৱিষ্যতৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে। চিজেপিৰ প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ ভৰিত চুই, হাতযোৰ কৰি সংসদ ভৱনলৈ আগুৱাই যোৱাৰ অনুমতিও নিশ্চয় তেওঁলোকে দেখিছে। এয়া সত্য যে, আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল। য’ত প্ৰতিবাদকাৰী আৰু আৰক্ষী-নিৰাপত্তা বাহিনীৰ লোকো আহত হয়। 

যন্তৰ-মন্তৰৰ পৰা চলো সংসদ যাত্ৰা আৰম্ভ কৰা এইসকল প্ৰতিবাদকাৰীক শাসকীয় পক্ষৰে একাংশ মন্ত্ৰী তথা নেতাই ভাইৰাছ বা দেশত কেৱল হিংসা বিয়পোৱা লোকৰ সৈতে তুলনা কৰিছে। তাৰপাছতো প্ৰতিবাদকাৰীসকলে শান্তিপূৰ্ণভাৱে আৰু কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত নকৰাকৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ প্ৰচেষ্টা কৰা আজি পৰিলক্ষিত হয়।

সংসদ ভৱনৰ সমীপৰ এলেকাত ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ অব্যাহত আছে যদিও ক্ৰমান্বয়ে সামান্য হ’বলৈ আৰম্ভ কৰিছে পৰিস্থিতি। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু চিজেপিৰ প্ৰতিনিধি দলৰ মাজত এক বৈঠকৰ পাছত প্ৰতিবাদকাৰীসকলক প্ৰতিবাদ সাব্যস্ত কৰা এলেকাৰ পৰা উভতি যাবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আহ্বান জনোৱাৰ পাছত লাহে লাহে এতিয়া উক্ত এলেকাত উত্তেজনা হ্ৰাস পাইছে।

বৈঠকত উপস্থিত হোৱা চিজেপিৰ প্ৰতিনিধি দলটোত আছিল সৌৰভ দাস আৰু আশুতোষ ৰাংকা। দুয়োগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে। সোমবাৰে পুৱা প্ৰায় ১১.৫০ বজাৰ পৰা আলোচনা আৰম্ভ হৈছিল আৰু প্ৰায় বিয়লি ৪ বজাত প্ৰতিনিধি দলটোৱে এক লিখিত আৱেদন দাখিল কৰে। 

ককৰোচ জনতা পাৰ্টিয়ে তিনিটা দাবী উত্থাপন কৰি এই সংসদ যাত্ৰা আৰম্ভ কৰে। তেওঁলোকৰ দাবী কেইটা ক্ৰমে- সোণম ৱাংছুকক তৎকালে মুকলি কৰি দিব লাগিব, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগিব অথবা তেওঁক কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰিব লাগিব আৰু যিসকল NEETৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীয়ে আত্মহনন কৰে তেওঁলোকৰ পৰিয়ালক ১ কোটি টকাকৈ সাহায্য প্ৰদান কৰিব লাগিব। 

উল্লেখ্য যে, ২০ জুলাই, ২০২৬ৰ পৰা আৰম্ভ হয় সংসদৰ বৰ্ষাকালীন অধিবেশন। ইফালে, উক্ত দিনটোতে ককৰোচ জনতা পাৰ্টিয়ে চলো সংসদ যাত্ৰাৰ আহ্বান জনোৱাৰ পাছতে ১৯ জুলাই, ২০২২ত সংসদ চৌহদ আৰু আশে-পাশে গঢ়ি তোলা হয় কটকটীয়া নিৰাপত্তা বেষ্টনী, অনা হয় টিয়েৰ গেছ লন্সাৰো। তদুপৰি সংসদ ভৱনৰ কাষৰ এলেকাত সান্ধ্য আইন অৰ্থাৎ BNSSৰ ধাৰা ১৬৩ জাৰি কৰে। 

আনহাতে, সোমবাৰে পুৱাই ককৰোচ জনতা পাৰ্টিৰ ‘সংসদ যাত্ৰা’ত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি সংসদ ভৱনলৈ যাত্ৰা আৰম্ভ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি দৃষ্টি ৰাখি দিল্লী আৰক্ষীয়ে আৰম্ভ কৰে বাহনসমূহৰ তালাচী অভিযান। 

তদুপৰি হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে কেন্দ্ৰীয় দিল্লীৰ উচ্চ-নিৰাপত্তা বেষ্টনী গঢ়ি তোলা অঞ্চলত সমবেত হৈ শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে সংসদ অভিমুখে পদযাত্ৰা কৰাৰো চেষ্টা কৰে। কিন্তু আৰক্ষীয়ে ৰে’ল ভৱনৰ সমুখত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীক সংসদ ভৱনলৈ আগবঢ়াত বাধা প্ৰদান কৰে আৰু তাৰপাছতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। 

এই পদযাত্ৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় সচিবালয়ৰ মেট্ৰ’ ষ্টেচন বন্ধ কৰি দিয়া হৈছিল জনসাধাৰণৰ বাবে। দিল্লী মেট্ৰ’ ৰে’ল নিগমে টুইট কৰি পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত নিৰাপত্তাজনিত কাৰণত জনপথ, ৰাজীৱ চ’ক, পেটেল চ’ক, কেন্দ্ৰীয় সচিবালয় আৰু সেৱা তীৰ্থ মেট্ৰ’ ষ্টেচন বন্ধ থাকিব বুলি ঘোষণা কৰিছিল। 

ইফালে, ক’কৰোচ জনতা পাৰ্টীয়ে শিক্ষা ব্যৱস্থা সংস্কাৰৰ বাবে চৰকাৰক হেঁচা প্ৰয়োগ কৰিবলৈ সংসদলৈ যোৱাৰ পূৰ্বে নতুন দিল্লী উপ-আয়ুক্ত শচীন শৰ্মাই চিজেপিৰ সদস্যসকলৰ সৈতে কৰে বাৰ্তালাপ। এই পদযাত্ৰা বাতিল কৰিবলৈ বা প্ৰতিবাদ সাব্যস্ত নকৰিবলৈ চিজেপিৰ সদস্যসকলক বুজাই আৰক্ষী বিষয়াগৰাকীয়ে। 

কিন্তু তাৰপাছতো প্ৰতিবাদকাৰীসকলে সংসদ ভৱনৰ গেটৰ দিশলৈ আগবাঢ়ি যায়। আৰু তেওঁলোকক বাধা প্ৰদান কৰিবলৈ আৰক্ষী-নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে কৰিছিল লাঠীচালনা। প্ৰতিবাদকাৰীসকলে বেৰিকেড ভাঙিবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত লাঠীচালনা কৰে। 

এই লাঠীচালনাতেই আহত হয় সোণম ৱাংছুকৰ পত্নী গীতাঞ্জলি জে আংগম’ৱে। ক’কৰোচ জনতা পাৰ্টিৰ Xত পোষ্ট কৰি লিখিছে যে- সংসদলৈ পদযাত্ৰা কৰাৰ সময়ত সোণম ৱাংছুকৰ পত্নীক আৰক্ষীয়ে আক্ৰমণ কৰে। লগতে এই পোষ্টটোত লিখিছে যে- সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংগম’ৱেক দিল্লী আৰক্ষীয়ে আক্ৰমণ কৰে৷ চুলিত ধৰি গীতাঞ্জলি জে আংগম’ৱেক দিল্লী আৰক্ষীয়ে গতিয়াই ঠেলি লৈ প্ৰতিবাদস্থলীৰ পৰা আঁতৰাবলৈ চেষ্টা কৰে৷ 

কেৱল সোণম ৱাংছুকৰ পত্নীয়েই নহয়, বহু কেইগৰাকী প্ৰতিবাদকাৰী আহত হোৱা বুলি অভিযোগ উত্থাপন কৰা হৈছে। লগতে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰো ৫০গৰাকী জোৱান আহত হয়। আনহাতে, দিল্লী আৰক্ষীয়ে সামাজিক মাধ্যমত এটা পোষ্টত লিখিছে- "একাংশ সংবাদ মাধ্যমে যন্তৰ মন্তৰত দিল্লী আৰক্ষীয়ে হিংসাত্মক ঘটনা সংঘটিত হোৱা তথা বহু লোকক আটক কৰাৰ বাতৰি প্ৰকাশ কৰিছে। দিল্লী আৰক্ষীয়ে আপোনালোকক জনাব বিচাৰিছে যে এনে কোনো ঘটনা সংঘটিত হোৱা নাই আৰু পৰিস্থিতি চম্ভালি লোৱা হৈছে । সকলোকে অনুৰোধ জনোৱা হৈছে যে কোনো ধৰণৰ উৰাবাতৰি বা ভুল ধাৰণাক আওকাণ কৰি উক্ত স্থান আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত শান্তি আৰু আইন-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত দিল্লী আৰক্ষীৰ সৈতে সহযোগিতা আগবঢ়াওক।"

উল্লেখ্য যে, হাস্পতালত চিকিৎসাধীন হৈ থকা সোণম ৱাংছুকে প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ বাবে হাস্পতাল কৰ্তৃপক্ষলৈ এক পত্ৰ প্ৰেৰণ কৰে। তেওঁৰ চিঠিখন সামাজিক মাধ্যমত শ্বেয়াৰ কৰি এটা পোষ্ট কৰে- "মই আপোনালোকক জনাব বিচাৰিছো যে মোৰ আজি ভাল অনুভৱ হৈছে আৰু মোৰ স্বাস্থ্যৰ পৰিমাপ যথেষ্ট স্বাভাৱিক। সেয়েহে মই আপোনালোকক অনুৰোধ কৰিছো যে অলপ সময়ৰ বাবে হ’লেও মোক চিকিৎসালয়ৰ পৰা ওলাই যাবলৈ অনুমতি দিয়ক, যাতে মই আজি পুৱা সংসদলৈ ৰাওনা হোৱা পদযাত্ৰাত যোগদান কৰিব পাৰো। মই অতিশয় কৃতজ্ঞ হ'ম।"

মন কৰিবলগীয়া যে, সমগ্ৰ ঘটনাৰ বিষয়ে বুজ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। আজি প্ৰায় ৪ ঘন্টাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে বৈঠত বহে। আনহাতে, সংসদ ভৱনৰ সমীপৰ এলেকাৰ পৰা প্ৰতিবাদকাৰীসকল লাহে লাহে আঁতৰিছে যদিও, এইবাৰ তেওঁলোক NTA কাৰ্যালয়ৰ দিশে আগবাঢ়ে। 

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি NTAৰ কাৰ্যালয়ৰ ভিতৰতো বহু কেইগৰাকী প্ৰতিবাদকাৰীয়ে প্ৰৱেশ কৰিছে। আৰু প্ৰতিবাদকাৰীসকলক কাৰ্যালয়ৰ বাহিৰলৈ ওলাই অনাৰ বাবে আৰক্ষী-নিৰাপত্তা বাহিনীয়ে চেষ্টা অব্যাহত ৰাখিছে। লগতে কাৰ্যালয় চৌহদত নিৰাপত্তা বেষ্টনী অধিক কটকটীয়া কৰি তোলা হৈছে।

এতিয়া প্ৰশ্ন হয় যে- চিজেপিৰ প্ৰতিনিধি দলটো কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত তেওঁলোকৰ দাবীসমূহ মানি ল’বনে? কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবনে?  আকৌ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে হেতালি খেলা হ’ব নেকি? আৰু আকৌ ফাদিল হ’ব নেকি NEETৰ প্ৰশ্নকাকত?

Post a Comment

Previous Post Next Post