অৱশেষত চৰকাৰৰ সন্মুখত চিজেপিয়ে উত্থাপন কৰিলে ৩টা দাবী। 'চলো সংসদ' কাৰ্যসূচীৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে.পি. নাড্ডাৰ সৈতে হোৱা বৈঠকত এই দাবীসমূহ উত্থাপন কৰা হয়। চিজেপিৰ মুখ্য মুখপাত্ৰ সৌৰভ দাসে এই কথা সদৰী কৰিছে।
সৌৰভ দাসে উল্লেখ কৰা অনুসৰি, চিজেপিৰ প্ৰথম দাবী হৈছে সমাজকৰ্মী ছোনম ৱাংচুকক তৎকালে মুকলি কৰি দিব লাগিব। দ্বিতীয় দাবী, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগে অথবা তেওঁক কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰিব লাগে। তেওঁ কয়, “ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ নোহোৱালৈকে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব।”
আনহাতে তৃতীয় দাবী হিচাপে, নীট (NEET) পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ সময়ত মৃত্যুমুখত পৰা ২০ জনতকৈ অধিক শিক্ষাৰ্থীৰ পৰিয়ালক ১ কোটি টকাকৈ ক্ষতিপূৰণ দিব লাগে বুলি দাবী উত্থাপন কৰে। অৱশ্যে এই দাবী সমূহৰ সন্দৰ্ভত চৰকাৰৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰদান কৰা হোৱা নাই।
