ভাৰতীয় ক্ৰিকেটৰ কিম্বদন্তী শচীন টেণ্ডুলকাৰে NEET-UG পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে প্ৰতিবাদ চলাই থকা ছাত্ৰ-ছাত্ৰীসকলৰ সপক্ষে থিয় দিছে। সামাজিক মাধ্যম 'X'-ত এক আৱেগিক বাৰ্তা শ্বেয়াৰ কৰি তেওঁ কয় যে, দিন-ৰাতি একাকাৰ কৰি কষ্ট কৰা ছাত্ৰ-ছাত্ৰীসকলে উচিত ফল নোপোৱাত হতাশা প্ৰকাশ কৰাটো একেবাৰে স্বাভাৱিক কথা।
শচীন টেণ্ডুলকাৰে নিজৰ প্ৰয়াত পিতৃ তথা অধ্যাপক ৰমেশ টেণ্ডুলকাৰৰ কথা মনত পেলাই পোষ্টটোত লিখিছে- মোৰ পিতৃ এজন অধ্যাপক আছিল। তেওঁ মোৰ জীৱনৰ আৰম্ভণিতেই শিকাইছিল- 'ব্যৰ্থতা স্বীকাৰ্য কৰা, কিন্তু প্ৰৱঞ্চনাক কেতিয়াও স্বীকাৰ নকৰিবা। কেতিয়াও চুটিপথ নল’বা।' সমাজৰ দায়িত্বশীল ব্যক্তি হিচাপে আমি এনে এটা পৰিৱেশ গঢ় দিয়া উচিত য’ত ফলাফলতকৈ কষ্টক আৰু চুটিপথতকৈ মেধাক গুৰুত্ব দিয়া হয়।"
টেণ্ডুলকাৰে অভিভাৱক, শিক্ষক, বিদ্যালয়, প্ৰশাসন আৰু সমগ্ৰ সমাজক একত্ৰিত হৈ এনে এক পৰিৱেশ গঢ়ি তুলিবলৈ আহ্বান জনায়, য’ত সততা আৰু কঠোৰ পৰিশ্ৰমক উদগনি দিয়া হয়। চুটিপথৰ সলনি প্ৰকৃত মেধা আৰু যোগ্যতাই জয় লাভ কৰে। যুৱ প্ৰজন্মৰ সপোন আৰু ভৱিষ্যত সুৰক্ষিত থাকে।
