বাসুগাঁৱৰ সাহিত্যিক হাৰাধন সাহাৰ বিয়োগ



 চিৰাং জিলাৰ বাসুগাঁও চহৰৰ বিবেকানন্দ পল্লীৰ বাসিন্দা জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা সাহিত্যিক, নাট্য অভিনেতা, এগৰাকী সাংস্কৃতিক সংগঠক হাৰাধন সাহা বৃহস্পতিবাৰে নিশা ১১-৩০ বজাত ৭৩ বছৰ বয়সত নিজ বাসগৃহতে বাৰ্দ্ধক্য জনিত ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে । প্ৰয়াত হাৰাধন সাহাই অসমৰ উপৰি উত্তৰ বঙ্গৰ বিভিন্ন বিভিন্ন পত্ৰ প্ৰত্ৰিকাত গল্প, প্ৰবন্ধ, কবিতা লিখিছিল।

নামনি অসমৰ অন্যতম সাংস্কৃতিক - সাহিত্য সংস্থা "সাগ্নিক" ৰ অন্যতম প্ৰতিষ্ঠাতাৰ এজন হাৰাধন সাহাৰ মৃত্যুত সাংস্কৃতিক মহলত গভীৰ ছাঁ নামি পৰিছে। সাহিত্য আৰু সাংস্কৃতিক জগতত তেখেতৰ অপৰিসীম অৱদানৰ বাবে তেখেতক বহুঠাইত সম্বৰ্ধিত কৰা হৈছিল।

তেখেতৰ মৃত্যুত সাগ্নিক সাহিত্য - সাংস্কৃতিক সংস্থা, বাসুগাঁও শাখা সাহিত্য সভা, ব সদৌ বিটিচি, বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচন, বাসুগাঁও প্ৰেছ ক্লাৱ, বাসুগাঁও ছিনিয়ৰ চিটিজেন চচাইটি আদি কৰি বিভিন্ন দল সংগঠনে হাৰাধন সাহাৰ মৃত্যুত গভীৰ শোঁক প্ৰকাশ কৰে আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে ।

আজি পুৱা তেখেতৰ নশ্বৰ দেহ গোগলাপাৰা স্থিত সাগ্নিক সাহিত্য-সাংস্কৃতিক সংস্থাৰ কাৰ্যালয়ত লৈ যোৱা হয়। সাগ্নিক ৰ বৰ্তমান কৰ্মকৰ্তা সকলে তেখেতৰ নশ্বৰ দেহত পুষ্প অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । তাৰ পিছত বিভিন্ন দল সংগঠন, সাংস্কৃতিক কৰ্মী, শুভাকাংখীৰ উপৰি পৰিয়ালৰ সদস্য সকলৰ উপস্থিতিত বাসুগাঁও ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় ।

Post a Comment

Previous Post Next Post