মহানগৰীৰ ফটাশিল আমবাৰী থানাৰ অন্তৰ্গত চেগুণবাৰী শিৱানন্দপুৰৰ পৰা যোৱা ২৯ জুন সোমবাৰে নিৰুদ্দেশ হয় এজন যুৱক। নিৰুদ্দেশ হোৱা যুৱকজনৰ নাম সুৰজিৎ ৰাজবংশী। যুৱকজনৰ বয়স ২১ বছৰ ।
পৰিয়ালৰ লোকে জনোৱা মতে, ২৯ জুনৰ পৰাই সুৰজিৎ ঘৰলৈ উভতি অহা নাই। আত্মীয়-স্বজন তথা সকলো স্থানতে বিচাৰ-খোচ কৰাৰ পাছতো বৰ্তমানলৈকে যুৱকজনৰ কোনো সম্ভেদ লাভ কৰা নাই পৰিয়ালৰ লোকে। একমাত্র পুত্ৰৰ কোনো সন্ধান লাভ নকৰাত এতিয়া শোক ভাঙি পৰিছে পিতৃ-মাতৃ। লগতে কোনো সদাশয় ব্যক্তিয়ে যদি যুৱকজনৰ কিবা সন্ধান পায়, তেন্তে ৬০০৩৪৪৯৪১৪ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।
