গ্ৰাহকেই হৈছে ভগৱান ! নেচলে কোম্পানীৰ ডাঙৰ সিদ্ধান্ত...



 বিশ্বৰ আগশাৰীৰ খাদ্য সামগ্ৰী প্ৰস্তুতকৰ্তা নেচলে কোম্পানীয়ে লৈছে ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা কৃত্ৰিম ৰঙত গুৰুত্ব নিদিয়ে কোম্পানীটোৱে। গ্ৰাহকৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি এনে পদক্ষেপ গ্ৰহণ কৰিছে নেচলে। 

২০২৬ চনৰ শেষৰ ফালে সমগ্ৰ বিশ্বতে নিজৰ সকলো খাদ্য সামগ্ৰীৰ পৰা কৃত্ৰিম ৰং সম্পূৰ্ণৰূপে আঁতৰোৱাৰ পৰিকল্পনা কৰিছে আগশাৰীৰ খাদ্য প্ৰস্তুতকাৰী প্ৰতিষ্ঠান নেচলে কোম্পানীয়ে। মঙলবাৰে ৰয়টাৰ্ছক দিয়া এক সাক্ষাৎকাৰত কোম্পানীটোৰ এজন জ্যেষ্ঠ বিষয়াই এই কথা প্ৰকাশ কৰে। এনে পদক্ষেপ গ্ৰহণ কৰা নেচলে হ’ব বিশ্বৰ প্ৰথমটো বৃহৎ খাদ্য প্ৰস্তুতকাৰী প্ৰতিষ্ঠান।

বৰ্তমান বজাৰত GLP-1 নামৰ ওজন কমোৱা ঔষধৰ দ্ৰুত জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লগতে গ্ৰাহকসকলেও খাদ্যৰ উপাদানসমূহক লৈ সজাগতা প্ৰকাশ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বৰ্তমান খাদ্য প্ৰস্তুতকাৰী কোম্পানীসমূহৰ ওপৰত অধিক স্বাস্থ্যসন্মত সামগ্ৰী যোগান ধৰিবলৈ চাপ বৃদ্ধি পাইছে।

Post a Comment

Previous Post Next Post