কোনো ৰং-তুলিকাৰ কৰা নাই প্ৰয়োগ, নাই কোনো আধুনিক ডিজিটেল প্ৰযুক্তি। কেৱল এটা মেচিন, এডাল বেজী সূতাৰ মায়াবী পৰশত ৰূপালী পৰ্দাৰ তাৰকাৰ পৰা আৰম্ভ কৰি মহান মনীষীসকলৰ প্ৰতিচ্ছবি জীৱন্ত হৈ উঠিছে কাপোৰৰ কেনভাছত। এই অনন্য 'নিডিল আৰ্ট' ৰ শিল্পকৰ্মৰ জৰিয়তে এতিয়া তৈল নগৰী দুলীয়াজানত উজলি উঠিছে এগৰাকী মহিলা। তেওঁ হৈছে দুলীয়াজানৰ হুকুটা চাৰিআলিৰ বাসিন্দা স্নিগ্ধাছায়া অধ্যাপক।
ব্যতিক্ৰমী চিত্ৰশিল্পী স্নিগ্ধাছায়াৰ হাতত প্ৰাণ পাই উঠিছে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, হাৰ্টথ্ৰৱ জুবিন গাৰ্গকে ধৰি ৰাজ্য তথা দেশৰ বহুকেইগৰাকী প্ৰসিদ্ধ ৰাজনৈতিক নেতা আৰু বিশিষ্ট ব্যক্তিৰ ফটো। বেজী আৰু সূতাৰে কৰা এই নিখুঁট কাজ ইমানেই আকৰ্ষণীয় যে ই কেৱল অসম বা ভাৰততে নহয়, সুদূৰ বিদেশী ৰাষ্ট্ৰতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিদেশৰ বহু কলাইতিহাস অনুৰাগীয়ে তেওঁৰ পৰা এই বিশেষ নিডিল আৰ্টৰ ছবি ক্ৰয় কৰি নিছে। ৰং-তুলিকাৰ পৰিৱৰ্তে বেজী-সূতাৰে চিনেমাৰ পোষ্টাৰ বা কাৰোবাৰ মুখাবয়ব তৈয়াৰ কৰাটো সহজ নহয়। ইয়াৰ বাবে প্ৰয়োজন অপৰিসীম ধৈৰ্য্য আৰু একাগ্ৰতাৰ।
বৰ্তমান সময়ত যেতিয়া আধুনিক মেচিন বা কম্পিউটাৰাইজড এম্ব্ৰয়ডৰীৰ পয়োভৰ ঘটিছে, তেনে সময়তো নিজৰ পুৰণি মেচিনটোৰ সৈতে স্নিগ্ধাছায়া অধ্যাপকে অক্ষুণ্ণ ৰখা এই হস্তশিল্প সঁচাকৈয়ে অনন্য। তেওঁৰ এই কৰ্মই এতিয়া সমগ্ৰ দুলীয়াজান তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
