ৰাজ্যজুৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰখা তীব্ৰ অভিযানৰ মাজতে ধুবুৰী জিলাৰ গৌৰীপুৰত পোহৰলৈ আহিছে এক চাঞ্চল্য্যকৰ ঘটনা। খোদ আৰক্ষী বিভাগৰ লোক জড়িত হৈ পৰিছে নিচাজাতীয় সামগ্ৰীৰ চোৰাং কাৰ্যৰ সৈতে।
উল্গৌলেখ্ৰীয যে, গৌৰীপুৰ আৰক্ষীয়ে চলোৱা দুটা পৃথক নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযানত নিষিদ্ধ নিচাজাতীয় কফ চিৰাপ আৰু টেবলেটসহ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। যাৰ ভিতৰত এজন অসম আৰক্ষীৰ কনিষ্টবল বুলি জানিব পৰা গৈছে।
আটকাধীন সৰবৰাহকাৰী দুটা ক্ৰমে মাটিয়াবাগ অঞ্চলৰ আশ্ৰাফুল ইছলাম মোল্লা আৰু খুদীমাৰী অঞ্চলৰ ছাইদুল মণ্ডল ওৰফে বাগ্গা বুলি চিনাক্ত কৰা হৈছে।ইয়াৰে আশ্ৰাফুল ইছলাম মোল্লা অসম আৰক্ষীৰ এজন কৰ্মৰত কনিষ্টবল হোৱা কথাই সমগ্ৰ জিলাখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
ইপিনে , ধৃত দুই সৰবৰাহকাৰীয়ে অঞ্চলটোত দীৰ্ঘদিন ধৰি গোপনে নিচাজাতীয় টেবলেট আৰু কফ চিৰাপৰ চোৰাং বেহা চলাই আহিছিল। এই চক্ৰটোৰ সৈতে আৰু কোন কোন জড়িত আছে, তাৰ তথ্য উলিয়াবলৈ বৰ্তমান গৌৰীপুৰ আৰক্ষী থানাত দুয়োকে তীব্ৰ জেৰা অব্যাহত ৰখিছে।
