ভাৰতত প্ৰতিবছৰে লাখ লাখ বিদেশী পৰ্যটক আহে। ভাৰতৰ খাদ্য, পৰ্যটনস্থলী, সংস্কৃতি আদিৰ মাজত আপোনপাহৰা হৈ পৰে বিদেশী পৰ্যটকসকল। শেহতীয়াকৈ ভাৰতলৈ ভ্ৰমণ কৰিবলৈ আহিছিল জাৰ্মানীৰ জনপ্ৰিয় ব্ল’গাৰ ক্ৰিষ্টিয়ান বেজমেন।
ব্ল’গাৰগৰাকীয়ে আমাৰ দেশৰ ২০খন ৰাজ্যত ভ্ৰমণ কৰি কোনখন ৰাজ্য কিয় তেওঁ ভাল পালে বা কোনখন ৰাজ্যই কিয় তেওঁক অধিক আকৰ্ষণ কৰিলে, কোন ঠাইৰ সৌন্দৰ্য্যতা সৰ্বাধিক, ক’ত পালে আটাইতকৈ বেছি অতিথি আপ্যায়ন আদি বিষয়ত ইনষ্টাগ্ৰামত পোষ্ট কৰে। তেওঁ এই মূল্যায়ন সম্পূৰ্ণৰূপে নিৰপেক্ষ আৰু সৎ বুলি সামাজিক মাধ্যমৰ পোষ্টটোত জনায়।
ভাৰতৰ বিভিন্ন প্ৰান্ত ভ্ৰমণৰ অভিজ্ঞতা শ্বেয়াৰ কৰি ক্ৰিষ্টিয়ানে কয় যে- ২০খনকৈ অধিক ৰাজ্য ভ্ৰমণ কৰাৰ পাছত এই মূল্যায়ন সম্পূৰ্ণৰূপে তেওঁৰ ব্যক্তিগত মতামত। পোষ্টটোৰ সৈতে তেওঁ ভাৰতৰ বৈচিত্ৰ্য, সংস্কৃতি আৰু প্ৰাকৃতিক সৌন্দৰ্য্য প্ৰতিফলিত কৰা বহু দৃশ্যও শ্বেয়াৰ কৰিছে।
নিজৰ মূল্যায়নত ক্ৰিষ্টিয়ানে বিভিন্ন ৰাজ্যক বিশেষ বৈশিষ্ট্যৰ ভিত্তিত শ্ৰেণীবদ্ধ কৰিছে। তেওঁৰ মতে, পঞ্জাৱ হৈছে ভাৰতৰ “শ্ৰেষ্ঠ ধৰ্মীয় গন্তব্যস্থান”। মানুহৰ আতিথ্য আৰু ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁ কেৰালাবাসীক সৰ্বাধিক প্ৰশংসা কৰি “বেষ্ট পিপল”ৰ স্বীকৃতি দিয়ে। আনহাতে, গোৱাক তেওঁ সৰ্বোত্তম সম্প্ৰদায়ত শ্ৰেণীত ৰাখে আৰু ৰাজস্থানৰ খাদ্যক আটাইতকৈ সুস্বাদু বুলি মন্তব্য কৰে।
তাৰমাজতে মন কৰিবলগীয়া যে, ক্ৰিষ্টিয়ানৰ এই মূল্যায়নত আছে উত্তৰ-পূবৰ তিনিখনকৈ ৰাজ্যৰ নাম। ইয়াৰ ভিতৰত দুঃসাহসিক পৰ্যটন বা এডভেঞ্চাৰৰ ক্ষেত্ৰত তেওঁ মেঘালয় ক সৰ্বশ্ৰেষ্ঠ বুলি উল্লেখ কৰিছে। দ্বিতীয়তো ‘শ্ৰেষ্ঠ জনজাতি’ শ্ৰেণীত আছে নগালেণ্ডৰ নাম।
তেওঁৰ এই তালিকাত আছে অসমৰো নাম। অসমক তেওঁ Most Underrated বুলি অভিহিত কৰিছে। ইতিবাচক দিশত অসমক Most Underrated অৰ্থাৎ অমূল্য হোৱাৰ পাছতো উপেক্ষিত হৈ থকা ৰাজ্য বুলি কৈছে বিদেশী ব্ল’গাৰগৰাকীয়ে।
ক্ৰিষ্টিয়ানে পিছে আনবোৰ ৰাজ্যৰ প্ৰশংসা কৰিছে যদিও দিল্লীৰ ক্ষেত্ৰত সেই একেধৰণৰ প্ৰশংসা কৰা পৰিলক্ষিত নহ’ল। ৰাজধানী চহৰ দিল্লীক তেওঁ আটাইতকৈ বেছি প্ৰদূষিত বুলি অভিহিত কৰিছে। দিল্লীৰ বায়ু প্ৰদূষণ সমস্যাক লৈ কৰা তেওঁৰ এই মন্তব্য এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু ইয়াক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখা গৈছে।
তেওঁ এই পোষ্টটো কৰাৰ পাছতে সামাজিক মাধ্যমত ভাৰতৰ বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। কোনোৱে কৈছে- “এতিয়া তেওঁক ভাৰতৰ নাগৰিকত্ব দিয়াই উচিত।” আন এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে তেওঁক পুনৰ ভাৰতলৈ আহি পশ্চিমবংগ, মহাৰাষ্ট্ৰ, গুজৰাট, তামিলনাডু আৰু ওড়িশ্যা ভ্ৰমণ কৰাৰ আমন্ত্ৰণ জনায়। বহুতে কমেন্টৰ জৰিয়তে তেওঁক জম্মু-কাশ্মীৰ, লেহ-লাডাখ আৰু উত্তৰাখণ্ডৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈও পৰামৰ্শ দিয়ে।
উল্লেখ্য যে, ক্ৰিষ্টিয়ান বেজমেন এগৰাকী জনপ্ৰিয় জাৰ্মানী ব্ল’গাৰ। তেওঁ বিশ্বৰ বিভিন্ন দেশ ভ্ৰমণ কৰি বিলাসবহুল ভ্ৰমণ-ভিত্তিক বিষয়বস্তু প্ৰস্তুত কৰে। তেওঁ ইতিমধ্যে ৪০খনতকৈ অধিক দেশ ভ্ৰমণ কৰিছে আৰু ছ’চিয়েল মিডিয়াত তেওঁৰ লাখ লাখ অনুৰাগী আছে। ইনষ্টাগ্ৰামত তেওঁৰ ফ’ল’ৱাৰৰ সংখ্যা ২.৭ লাখতকৈ অধিক।
