অহা ৩ জুলাইৰ পৰা আৰম্ভ হব এই বৰ্ষৰ অমৰনাথ যাত্ৰা। অমৰনাথ যাত্ৰাৰ বাবে ইতিমধ্যে ভক্তসকলে আৰম্ভ কৰিছে প্ৰস্তুতি। কিন্তু তাৰ মাজতে পোহৰলৈ আহিছে এক উদ্বেগজনক খবৰ।
এইবাৰৰ অমৰনাথ যাত্ৰাক কেন্দ্ৰ কৰি ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে উচ্চ সতৰ্কতা জাৰি কৰিছে। চোৰাংচোৱা সূত্ৰৰ তথ্য অনুসৰি, পাকিস্তান অধিকৃত কাশ্মীৰ, খাইবাৰ পাখতুনখোৱা আৰু বালুচিস্তানত ক্ৰমাৎ জটিল হৈ উঠা পৰিস্থিতিৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰাবলৈ আইএছআইয়ে অমৰনাথ যাত্ৰাৰ সময়ছোৱাত কোনো বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ চেষ্টা কৰিব পাৰে।
ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে লাভ কৰা ইণ্টাৰচেপ্ট তথ্যত পাকিস্তানৰ ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ সম্ভাৱ্য ষড়যন্ত্ৰৰ ইংগিত পোৱা গৈছে। সূত্ৰসমূহৰ মতে, আইএছআইয়ে জম্মু-কাশ্মীৰৰ বনাঞ্চলত আত্মগোপন কৰি থকা কিছুমান সন্ত্ৰাসবাদীৰ সৈতে পুনৰ যোগাযোগ স্থাপনৰ চেষ্টা চলাইছে।
ইফালে, সম্ভাৱ্য আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অমৰনাথ যাত্ৰাৰ সমগ্ৰ পথত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। জম্মু-কাশ্মীৰ আৰক্ষী আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদবিৰোধী ব্যৱস্থা অধিক শক্তিশালী কৰি তুলিছে। আনহাতে, যাত্ৰাপথত AI ভিত্তিক চিচিটিভি কেমেৰা, অত্যাধুনিক ডিজিটেল স্কেনিং ব্যৱস্থা আৰু উন্নত নিৰীক্ষণ সঁজুলি ব্যৱহাৰ কৰা হৈছে। সন্দেহজনক কোনো গতিবিধি ধৰা পৰিলে তৎক্ষণাত ব্যৱস্থা ল'ব পৰাকৈ সমগ্ৰ যাত্ৰাপথত নিৰাপত্তা ব্যৱস্থা তোলা হৈছে।
