ভাৰতলৈ আহি জাপানৰ প্ৰধানমন্ত্ৰীয়ে কেতিয়া, ক'ত, কি কৰিব ?


  

১ জুলাইত তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচি। ১ জুলাইৰ সন্ধিয়া ৭ বজাত দিল্লীৰ পালাম বায়ুসেনাৰ ঘাটিত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী গৰাকী।

ইফালে, ২ জুলাইত ৰাষ্ট্ৰপতি ভৱনত জাপানৰ প্ৰধানমন্ত্ৰী তাকাইচিক আনুষ্ঠানিক সম্বৰ্ধনা জনোৱা হ’ব। ইয়াৰ পিছতে দিনৰ ১১:৩০ বজাত হায়দৰাবাদ হাউছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তেওঁৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব। বৈঠকত ভাৰত-জাপান কৌশলগত অংশীদাৰিত্ব, বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, আন্তঃগাঁথনি উন্নয়ন আৰু ইণ্ডো-পেচিফিক অঞ্চলৰ সহযোগিতা আদি বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে।

আনহাতে, দুপৰীয়া ১:১০ বজাত হায়দৰাবাদ হাউছত দুয়োখন দেশৰ মাজত কেইবাখনো বুজাবুজি চুক্তি (MoU) বিনিময় কৰা হ’ব। ইয়াৰ পিছতে দুয়ো দেশৰ নেতাই যৌথ সংবাদ বিবৃতি প্ৰদান কৰিব।

একেদিনাই দুপৰীয়া ৩ বজাত নতুন দিল্লীৰ তাজ প্যালেছ হোটেলত আয়োজিত ভাৰত-জাপান ব্যৱসায়িক মঞ্চত (Business Forum) প্ৰধানমন্ত্ৰী তাকাইচিয়ে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত দুয়ো দেশৰ উদ্যোগপতি, বিনিয়োগকাৰী আৰু ব্যৱসায়িক প্ৰতিনিধিসকলে উপস্থিত থাকিব। ৩ জুলাইত প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিয়ে টকিঅ’লৈ উভতি যাব।

উল্লেখ্য যে, ভাৰত আৰু জাপানৰ মাজত বিগত কেইবাবছৰ ধৰি কৌশলগত আৰু অৰ্থনৈতিক সম্পৰ্ক অধিক শক্তিশালী হৈ আহিছে। এই ভ্ৰমণৰ জৰিয়তে দ্বিপাক্ষিক সহযোগিতাৰ নতুন দিশ মুকলি হোৱাৰ আশা প্ৰকাশ কৰা হৈছে।

Post a Comment

Previous Post Next Post