হাওৰাঘাটৰ উদীয়মান সাংবাদিক তথা যুৱ কবি খগেশ্বৰ দাসৰ দ্বিতীয়খনি কাব্যগ্ৰন্থ ‘মোৰ কবিতাই এদিন আকাশ চুব’ ৰিয়েল কনচেপ্টৰ তিলকান্ত ফুকন প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।
সাংবাদিক ৰূপক দাসে আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলেনেৰে শুভাৰম্ভ কৰে হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দেবেন্দ্ৰ শৰ্মাই। আনহাতে কণমানি নিত্যাশ্ৰী হাজৰিকাই এটি বৰগীতেৰে সমগ্ৰ পৰিৱেশটোক মন্ত্ৰমুগ্ধ কৰি তোলে। কাৰ্যসূচীৰ আদৰণি ভাষণত কবি খগেশ্বৰ দাসে মানৱদৰদী বঁটা প্ৰাপক তথা হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী কৃতি শিক্ষক বিক্ৰম কুমাৰ চন্দই গ্ৰন্থখনৰ প্ৰকাশৰ দায়িত্ব লৈ তেওঁৰ কাব্যিক যাত্ৰাত যি সাহস যোগালে তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে আৰু এই গ্ৰন্থখন প্ৰকাশৰ ক্ষেত্ৰত বিভিন্নজনৰ সহযোগিতাক সুঁৱৰি কাব্যিকতাৰে আদৰণি ভাষণ আগবঢ়ায়।
ইফালে, গ্ৰন্থখনৰ প্ৰকাশক বিক্ৰম কুমাৰ চন্দই কবি খগেশ্বৰ দাসৰ সাহিত্য চৰ্চাৰ প্ৰতি থকা আগ্ৰহ আৰু আৰ্থিক সংকটে সৃষ্টি কৰা প্ৰতিবন্ধকতাৰ ওপৰত আলোকপাত কৰি এটি চৰকাৰী সংস্থাপন ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট পক্ষলৈ অনুৰোধ জনায়। উল্লেখ্য ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ খগেশ্বৰ দাসে বৰ্তমান স্বেচ্ছামূলকভাৱে হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যাঞ্জলি শিক্ষক হিচাপে সেৱা আগবঢ়াই আছে।
