ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে নগাঁও জিলাটো জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হৈছে। নগাঁও জিলাৰ বাৰপুজীয়া, বুঢ়াগোহাঁই, জখলাবন্ধা, কঠিয়াতলি, চিমনাবস্তি আদি কেইবাখনো প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ কেতবোৰ এলেকা জাপানীজ এনকেফেলাইটিছ ৰোগী ধৰা পৰিছে। স্বাস্থ্য বিভাগৰ এক সূত্ৰই জনোৱা মতে, জিলাখনত এগৰাকী ১১ বছৰীয়া শিশুসহ চাৰিজন লোক এই ৰোগত আক্ৰান্ত হৈছে।
জিলাখনৰ বাৰপুজীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মণিপুৰটুপৰ চামিনা চুলতানা(১১), চামগুৰিৰ আমলখিৰ ৰিজুৱান আহমেদ (১৫) , ৰঙাগড়াৰ দুল সিং ( ৪৮) আৰু বুঢ়াগোহাঁই থান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ৰাইদঙীয়া ফুলগুৰিৰ হলিৰাম পাটৰ(৭২) এই ৰোগত আক্ৰান্ত হৈছে। সম্প্ৰতি আটাইকেইজন গুৱাহাটীত চিকিৎসাধীন হৈ আছে। চামিনা ,ৰিজুৱান ,দুল ক্ৰমশ সুস্থ হৈ উঠিছে। হলিৰাম পাটৰৰ অৱস্থা এতিয়াও কিছু জটিল হৈ আছে।
আনহাতে, জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবৰ বাবে নগাঁও স্বাস্থ্য আৰু মেলেৰিয়া বিভাগে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি মেলেৰিয়া বিভাগৰ স্কোৱাদ দলে নগাঁও চহৰকে ধৰি জাপানীজ এনকেফেলাইটিছ ৰোগ হব পৰা সাম্ভাব্য স্থান সমুহত গধুলিৰ ভাগত ফ'গিঙৰ ব্যৱস্থা কৰিছে। লগতে গৃহস্থৰ আঠুৱা ঔষধিকৰণৰ পদক্ষেপ অব্যাহত ৰাখিছে। তদুপৰি এই ৰোগৰ ভয়াবহতা সম্পৰ্কে ৰাইজক অৱগত কৰি ৰাইজক সতৰ্ক হৈ থাকিবলৈ কেবাখনো সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে প্ৰচাৰপত্ৰ বিতৰণ কৰিছে।
