সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অব্যাহত ভয়াৱহ বান পৰিস্থিতি সন্দৰ্ভত মঙলবাৰে এক জৰুৰী পৰ্যালোচনা বৈঠক মিলিত হয় উত্তৰ-পূৰ্বাঞ্চলৰ কেন্দ্ৰীয় উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়া। মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বৰ্তমানৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।
উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যকেইখনৰ বৰ্তমানৰ পৰিস্থিতি, সাহাৰ্য বিতৰণ আৰু পুনৰুদ্ধাৰ প্ৰক্ৰিয়াৰ বুজ লয়। তেওঁ বানা পৰিস্থিত ভয়াৱহ ৰূপ লোৱা ৰাজ্যসমূহক কেন্দ্ৰীয় চৰকাৰ তথা উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা আৰু সাহায্য আগবঢ়োৱাৰ পূৰ্ণ আশ্বাস প্ৰদান কৰে।
আনফালে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, ভাৰত চৰকাৰে বান পৰিস্থিতিৰ সন্দৰ্ভত বুজ লৈছে।বানাক্ৰান্ত ৰাইজৰ সুৰক্ষা আৰু কল্যাণৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যৌথভাৱে কাম কৰি উদ্ধাৰ আৰু সাহাৰ্য কাৰ্য দ্ৰুততৰ কৰি তুলিব।উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি চলিছে যাতে প্ৰয়োজন সাপেক্ষে সময়মতে সাহায্য সামগ্ৰী আৰু উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিব পৰা যায়।
