গাড়ীৰ গ্লাছ ভাঙি লুটিলে ৩০ লাখ টকাৰ সোণৰ অলংকাৰ



 মহানগৰীত পুনৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে। গুৱাহাটীৰ নাৰেংগী কলংপাৰ বজাৰ অঞ্চলত দিন-দুপৰতে ৰাজপথৰ পৰা এখন বিলাসী বাহনৰ  গ্লাছ ভাঙি দুষ্কৃতিকাৰীয়ে প্ৰায় ৩০ লাখ টকাৰ সোণৰ অলংকাৰ লুটি লৈ যায়। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে আতংক আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, চিন্তামণি জুৱেলাৰ্চৰ স্বত্বাধিকাৰীৰ বাহনৰ পৰা লুটি নিয়ে সোণখিনি। সদায় অহাৰ দৰে আজিও প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী জয়দেৱ হালদাৰে ব্যৱসায়িক প্ৰতিষ্ঠানখন খুলিবলৈ লওতেই এই ঘটনা সংঘটিত হয়।জয়দেৱ হালদাৰে তেওঁৰ বাহনখন কলংপাৰ বজাৰৰ কাষত ৰখাই দোকানখন খুলিবলৈ গৈছিল। তেনে সময়তে অপৰাধীৰ দলটোৱে চকুৰ পচাৰতে বাহনখনৰ গ্লাছ ভাঙি ভিতৰত থকা সোণৰ অলংকাৰ ভৰ্তি বেগটো কাঢ়ি লৈ পলায়ন কৰে। 

আনপালে, চিন্তামণি জুৱেলাৰ্চ'ত ডকাইতি বা চুৰিকাণ্ড সংঘটিত হোৱাটো এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও ব্যৱসায়িক প্ৰতিষ্ঠানখনত তিনি তিনিবাৰকৈ চুৰিকাণ্ড সংঘটিত হৈছিল। বাৰে বাৰে একেখন দোকানকে লক্ষ্য কৰি লোৱা কাৰ্যই স্থানীয় ব্যৱসায়ীসকলৰ নিৰাপত্তাহীনতাৰ দিশটো উদঙাই দেখুৱাইছে। লগতে ঘটনাৰ পাছতেই জয়দেৱ হালদাৰে নুনমাটি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ঘটনাৰ খবৰ পাই নুনমাটি আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে বজাৰ এলেকাৰ আৰু পথৰ কাষৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি ডকাইতৰ দলটোক কৰায়ত্ত কৰিবলৈ অভিযান তীব্ৰতৰ কৰি তুলিছে।

Post a Comment

Previous Post Next Post