অনলাইনত ধনৰ লেনদেন কৰোতে ব্যৱহাৰকাৰী অধিক সাৱধান হোৱাৰ প্ৰয়োজন। বৰ্তমান ডিজিটেল লেনদেনত প্ৰৱঞ্চনা কৰিবলৈ ন ন কৌশল ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে।
শেহতীয়াকৈ, হাজোৰ দিহিনা অঞ্চলত দীৰ্ঘদিন ধৰি ভুৱা অনলাইন পেমেণ্টৰ জৰিয়তে ব্যৱসায়ীসকলক প্ৰতাৰণা কৰি অহাৰ ঘটনা সংঘটিত হৈছে। দিহিনা অঞ্চলৰে বাসিন্দা তথা বিজ্ঞান শাখাৰ স্নাতক বৰ্ষৰ এজন ছাত্ৰই এই কুখ্যাত চাইবাৰ অপৰাধৰ সৈতে জড়িত থকাৰ তথ্য পোহৰলৈ অহাত সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, দিহিনা অঞ্চলৰে যুৱক জুমন দাসে দীৰ্ঘদিনৰ পৰাই স্থানীয় দোকানসমূহত সামগ্ৰী ক্ৰয় কৰি ভুৱা অনলাইন এপ্লিকেচনৰ জৰিয়তে ধন পৰিশোধ কৰি আহিছিল। এই ভুৱা পেমেণ্ট আৰু মেছেজ দেখুৱাই যুৱকজনে হাজোৰ বিভিন্ন প্ৰান্তৰ লগতে দিহিনাৰ সৰু-বৰ দোকানীসকলৰ পৰা হাজাৰ হাজাৰ টকা আত্মসাৎ কৰিছিল।
ইপিনে যুৱকজনৰ প্ৰতাৰণাৰ বলি হোৱা একাংশ দোকানী আৰু স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি এনে কাৰ্য কৰি সাধঠাৰণ ৰাইজৰ চকুত ধূলি দি আহিছিল। অৱশেষত মঙলবাৰে নিশা দিহিনাৰ বালাচৰ অঞ্চলত স্থানীয় ৰাইজে সুপৰিকল্পিতভাৱে অভিযুক্ত জুমন দাসক ধৰি আৱদ্ধ তকৰি থয়। ৰাইজৰ জেৰাৰ অন্তত অভিযুক্ত যুৱকজনে এই কথা স্বীকাৰ কৰে। কেনেকৈ ভুৱা অনলাইন ট্ৰেনজেকচনৰ জৰিয়তে দোকানীসকলক ঠগাই আহিছিল, সেই সকলো তথ্য ৰাইজৰ আগত অৱগত কৰে।
ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। বৰ্তমান আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু এই চক্ৰটোৰ সৈতে আন কোনো জড়িত আছে নেকি, তাৰো সন্ধান উলিয়াবলৈ চেষ্টা চলাইছে। এই ঘটনাৰ পিছৰে পৰা স্থানীয় ব্যৱসায়ীসকলক অনলাইন লেনদেনৰ ক্ষেত্ৰত অধিক সতৰ্ক হ'বলৈ সচেতন মহলে আহ্বান জনাইছে।
