সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে ইণ্ডিয়ান বেংকে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ (Chief Minister's Relief Fund) ১ কোটি ২০ লাখ টকাৰ অনুদান আগবঢ়াইছে।
দেশৰ অন্যতম আগশাৰীৰ ৰাজহুৱা খণ্ডৰ বেংক ইণ্ডিয়ান বেংকৰ ফিল্ড জেনেৰেল মেনেজাৰ বিনু জে. পিল্লাইয়ে বৃহস্পতিবাৰে দিছপুৰস্থিত জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত ১.২০ কোটি টকাৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰে। এই অনুষ্ঠানত ইণ্ডিয়ান বেংকৰ জ'নেল মেনেজাৰ অলোক কুমাৰো উপস্থিত আছিল।
উল্লেখ্য যে, ইণ্ডিয়ান বেংকে জনকল্যাণমূলক কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এই অনুদানে ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগ, চিকিৎসাজনিত জৰুৰীকালীন পৰিস্থিতি আৰু অন্যান্য দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলক সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
ইণ্ডিয়ান বেংকৰ এই পদক্ষেপে সমাজৰ প্ৰতি বেংকটোৰ দায়বদ্ধতা আৰু মানৱসেৱাৰ প্ৰতি অংগীকাৰক পুনৰবাৰ প্ৰতিফলিত কৰিছে।
