স্বামীয়ে নুবুজে, শাহুৱে পাৰে গালি, শহুৰৰ নিৰ্যাতন সহিব নোৱাৰি শিক্ষয়িত্ৰীয়ে ল’লে চৰম পন্থা


 

এটি হৃদয়বিদাৰক ভিডিঅ’ ক্লিপ ! সামাজিক মাধ্যমত ৰাজহুৱা হোৱা ভিডিঅ’টোত কোৱা কথাখিনিয়ে ভবাই তুলিব সচেতন লোকক ! মৃত্যুৰ পূৰ্বে ভিডিঅ’ প্ৰস্তুত কৰি ইহসংসাৰৰ পৰা বিদায় মাগিলে এগৰাকী শিক্ষয়িত্ৰীয়ে। 

উল্লেখযোগ্য যে, এই ঘটনা সংঘটিত হৈছে দেৰাডুনত। এগৰাকী শিক্ষয়িত্ৰীয়ে আত্মহত্যা কৰাৰ পূৰ্বে ৰেকৰ্ডিং কৰা ৯০ ছেকেণ্ডৰ এই ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দেৰাডুনৰ দোইৱালা অঞ্চলত সংঘটিত এই ঘটনাত মৃত্যুবৰণ কৰা মহিলাগৰাকী পেছাত এগৰাকী চৰকাৰী শিক্ষয়িত্ৰী আছিল। তেওঁৰ নাম সৃষ্টি কান্ধাৰী। 

অভিযোগ অনুসৰি, স্বামী, শহুৰ আৰু শাহুৰ নিৰ্যাতন সহিব নোৱাৰি তেওঁ এই চৰম পথ বাছি লয়। এই নিৰ্যাতনৰ দস্তাবেজ ভিডিঅ’যোগে ৰাজহুৱা কৰি দুৰ্ভগীয়া নৱ বিবাহিতা মহিলাগৰাকীয়ে চৰম পন্থা গ্ৰহণ কৰে।

প্ৰণিধানযোগ্য যে, ২০২৫ৰ নৱেম্বৰত সৃষ্টিৰ বিবাহ হৈছিল সৌৰভ ৰাতুৰী নামৰ আন এজন চৰকাৰী কৰ্মচাৰীৰ সৈতে। সৃষ্টিৰ মাতৃয়ে আৰক্ষীক দিয়া এজাহাৰত অভিযোগ কৰা মতে, বিবাহৰ পিছৰে পৰা যৌতুকৰ দাবীত সৃষ্টিৰ ওপৰত মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱা হৈছিল। তদুপৰি, স্বামীগৃহৰ পৰিয়ালে তেওঁক নিৰন্তৰভাৱে কুলক্ষণী আদিৰে গালি-গালাজ পাৰি আহিছিল।

উল্লেখ কৰিব লাগিব যে, সৃষ্টিয়ে আত্মহত্যাৰ পূৰ্বে কান্দি কান্দি ৰেকৰ্ডিং কৰা ভিডিঅ’টোত কয় এনেদৰে— মা, মোক ক্ষমা কৰি দিবা, মই এনেদৰে আঁতৰি আহিব লগীয়া হৈছে। সকলোবোৰ বৰ অচিনাকি হৈ পৰিল। মই যোৱা ছমাহ ধৰি এই সকলোবোৰ সহি আছো... আৰু নোৱাৰোঁ। সিহঁতৰ মানসিকতা কেতিয়াও সলনি নহয়। বিয়াৰ পিছত যিয়েই নহওক কিয়, কেৱল আমাকেই দোষ দি থাকে। মোক অভাগীনী- কুলক্ষণী বুলি কৈ থাকে।"

ইতিমধ্যে বুধবাৰে নিশা শিক্ষয়িত্ৰীগৰাকীয়ে আত্মহত্যা কৰাৰ পিছত তেওঁৰ মাতৃৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে স্বামী সৌৰভ, শাহুৱেক প্ৰবীণাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। দোইৱালাৰ চাৰ্কল অফিচাৰ বন্দনা বাৰ্মাই জানিবলৈ দিয়া মতে, যৌতুকজনিত মৃত্যুৰ সম্পৰ্কীয় ধাৰাৰ অধীনত এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

Post a Comment

Previous Post Next Post