বিজেপি এৰিলে ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই...


 

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই দলটোৰ পৰা পদত্যাগ কৰাৰ কথা সদৰি কৰিছে। এই সন্দৰ্ভত অৱশ্যে বিজেপিয়ে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে বৃহস্পতিবাৰে তেওঁৰ এক্স হেণ্ডেলৰ জৰিয়তে অত্যন্ত ব্যক্তিগত কাৰণত দল এৰা বুলি সদৰি কৰিছে। 

উল্লেখযোগ্য যে, ২০১৭ চনত তেওঁ কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল। তাৰ পাছতে বিজেপিয়ে পুনাৱালাক দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰৰ দায়িত্ব দিছিল। বিজেপিত থকাৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই পুনাৱালাই কৰা মন্তব্যবোৰ বিশেষভাৱে চৰ্চিত আছিল।\


Post a Comment

Previous Post Next Post