কেন্দ্ৰীয় ৰে'ল আৰু খাদ্য সংসাধন উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰৱনীত সিং বিট্টুৱে (Ravneet Singh Bittu) কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰামৰ্শ মৰ্মে সংবিধানৰ ৭৫(২) অনুচ্ছেদ অনুসৰি তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে।
ৰৱনীত সিং বিট্টুৰ ৰাজ্যসভাৰ কাৰ্যকাল যোৱা ২১জুন, ২০২৬ত সমাপ্ত হৈছিল। তেওঁ ৰাজস্থানৰ পৰা ৰাজ্যসভালৈ মনোনীত হৈছিল। ২০২৭ চনৰ পঞ্জাব বিধানসভা নিৰ্বাচনক লক্ষ্য ৰাখি তেওঁ ৰাজ্যখনৰ ৰাজনীতিত সম্পূৰ্ণ মনোনিৱেশ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে।
পদত্যাগৰ পাছতে বিট্টুৱে সামাজিক মাধ্যম 'X'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দেশ তথা পঞ্জাবৰ সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনায়। পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্রী বেয়ন্ত সিং (Beant Singh)ৰ নাতি ৰৱনীত সিং বিট্টুৱে পূৰ্বে কংগ্ৰেছৰ পৰা তিনিবাৰকৈ লোকসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ঠিক পূৰ্বে তেওঁ বিজেপি দলত যোগদান কৰিছিল। লুধিয়ানাৰ পৰা লোকসভা নিৰ্বাচনত পৰাজিত হোৱা সত্ত্বেও বিজেপিয়ে তেওঁক কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান দিছিল। বিজেপিয়ে পঞ্জাবত এককভাৱে বিধানসভা নিৰ্বাচন খেলিব বুলি স্পষ্ট কৰাৰ পিছত বিট্টুক ৰাজ্যখনত দলৰ এগৰাকী প্ৰধান নেতা হিচাপে আগবঢ়াই লুধিয়ানা বা ইয়াৰ আশে-পাশে থকা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰোৱাৰ সম্ভাৱনা আছে।
