এয়াই ফেচবুকৰ জগত! অযোধ্যাৰ ড০ পাৰ্চি যাদৱ অসমত হ'লহি ফাৰিছা চুলতানা...


 

সামাজিক মাধ্যমত দেখা সকলো বস্তুৱেই যে সচাঁ নহয়, সেই কথা পুনৰ এবাৰ পোহৰলৈ আহিল। উজনিৰ বানাক্ৰান্তৰ মাজত ১৮লাখ টকা বিলাই দিম বুলি কোৱা ফাৰিছা চুলতানা নামৰ ফেচবুক একাউন্টটোৰ গৰাকীয়েই আছিল ভুৱা। উত্তৰ প্ৰদেশৰ এগৰাকী সমাজকৰ্মী তথা শিক্ষয়ত্ৰীৰ ফটো ব্যৱহাৰ কৰি অসমত ফাৰিছা চুলতানা নামেৰে ফেক একাউন্ট খুলিছিল দুষ্ট চক্ৰই।

উত্তৰ প্ৰদেশৰ এই সমাজকৰ্মী তথা শিক্ষয়ত্ৰীগৰাকীৰ নাম ড০ পাৰ্চি যাদৱ। সামাজিক মাধ্যমত খুবেই সক্ৰিয় এইগৰাকী সমাজকৰ্মী। চৰকাৰ তথা সমাজৰ ভিন্ন বিষয়ক লৈ সামাজিক মাধ্যমত সৰৱ হৈ থাকে ড০ পাৰ্চি যাদৱ। অযোধ্যাৰ নিৱাসী মোহময়ী পাৰ্চি যাদৱৰ ফটো ব্যৱহাৰ কৰিয়েই অসমৰ সামাজিক মাধ্যমত জন্ম হৈছিল ফাৰিছা চুলতানা।

ইতিমধ্যে ফাৰিছাৰ মিথ্যাচাৰৰ সকলো তথ্য পোহৰলৈ আহিছে। উল্লেখ কৰা প্ৰয়োজন যে, ২৪জুলাই, ২০২৬ৰ দিনৰ ভাগত হঠাতে ফাৰিছাই ফেচবুকত দিছিল এটা বিশেষ পোষ্ট। ফেচবুক একাউন্টটোৰ পৰা ঘোষণা কৰা হৈছিল যে, উজনিৰ বানাক্ৰান্তক সহায় কৰিব বিচাৰিছে ফাৰিছাই। বানাক্ৰান্তত সাহায্য হিচাপে তেওঁ ১৮লাখ টকা দান কৰিব বিচাৰিছে। সেই ধনৰ উতস গুৱাহাটীত থকা তেওঁৰ ভাড়াঘৰৰ পৰা লাভ কৰা ৪মাহৰ ধন আৰু চাকৰিৰ তিনি মাহৰ বেতন।

কিন্তু এই সকলোবোৰ আছিল মিছা। বানাক্ৰান্ত ৰাইজক লৈ এনে মিথ্যাচাৰ তথা অপপ্ৰচাৰৰ সহায় লোৱা এই একাউন্টটোৰ বিৰুদ্ধে ব্যৱস্থাগ্ৰহণৰ দাবী জনাইছে এতিয়া সকলোৱে।  ফাৰিছা চুলতানা নামৰ এই ফেচবুক একাউন্টতো সময়ে সময়ে ফেচবুকত কৰি আহিছে বিশেষ পোষ্ট। বিশেষকৈ হিন্দু-মুছলিমৰ মাজৰ বিভেদ আনিব পৰা বহু পোষ্ট এই একাউন্টটোৰ পৰা শ্বেয়াৰ হৈ আহিছিল ২০২৫চনৰে পৰা। 

Post a Comment

Previous Post Next Post