চি জে পিৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকেৰ বেমাৰ


 

দেশৰ প্ৰথমটো জেন-জি আন্দোলনেৰে দিল্লীৰ মনচদ কপাঁই দিয়া ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকে কুশলে নাই। শনিবাৰে অভিজিতে নিজেই সদৰি কৰিলে এই কথা। এটা ভিডিঅ’ মেছেজৰ জৰিয়তে তেওঁ এই আন্দোলনলৈ সমৰ্থন জনোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰি কয়- কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰালৈকে তেওঁলোক থমকি নৰয়।

লগতে দিপকে জনাই যে, মই বৰ্তমান সুস্থ নহয়। কিছুদিন ধৰি অসুস্থতাত ভুগি আছো। শেহতীয়াকৈ তেজৰ নমুনা পৰীক্ষা কৰাত মোৰ দেহত টাইফয়েড ধৰা পৰিছে। বৰ্তমান মোৰ চিকিৎসা চলি আছে। তেওঁ শান্তিপূৰ্ণভাৱে সমগ্ৰ দেশজুৰি এই প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিবলৈ আহ্বান জনায়।

অসুস্থ হ’লেও তেওঁৰ এই বাৰ্তাত আছিল অধিক প্ৰত্যয়েৰে আন্দোলনক আগুৱাই নিয়াৰ দৃঢ়তা। ইফালে চি জে পিৰ আন এগৰাকী নেতা আশুতোষ ৰাংটাই কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ সৈতে হোৱা আলোচনাক গঠনমূলক আখ্যা দি তেওঁলোকে কৰা মূল দাবীৰ প্ৰতি চৰকাৰে কেতিয়া সঁহাৰি জনাব, তালৈ অপেক্ষা কৰি আছো বুলি জানিব দিয়ে।

Post a Comment

Previous Post Next Post