NEET পুনঃপৰীক্ষা সফলতাৰে সম্পন্নঃ মন্ত্ৰীসকলৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে


  

NEETৰ পুনঃপৰীক্ষা সফলতালে সম্পন্ন হোৱাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই সফলতাৰ বাবে সংশ্লিষ্ট বিভাগ, মন্ত্ৰীসকলক এক বৈঠকত প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। 

কেন্দ্ৰীয় কেবিনেট বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে- সকলোৱে একেলগে মিলি কাম কৰিলে সকলো প্ৰত্যাহ্বান মোকাবিলা কৰিব পাৰি। ভৱিষ্যতেও এনে পৰিস্থিতিত যদি আন প্ৰত্যাহ্বানে দেখা দিয়ে, তেন্তে একেধৰণেই মোকাবিলা কৰা কৰা উচিত বুলিও কয় প্ৰধানমন্ত্ৰী মোডীয়ে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কেবিনেট বৈঠকত NEET পুনঃপৰীক্ষা সম্পৰ্কীয় তথ্য উপস্থাপন কৰে। তেওঁ বিভিন্ন মন্ত্ৰালয়, ৰাজ্য চৰকাৰ আৰু বিভাগসমূহে কেনেদৰে একলগ হৈ কাম কৰি এই পৰীক্ষাটো সফলভাৱে সম্পন্ন কৰিলে সেই বিষয়ে বিৱৰণ দিয়ে।

Post a Comment

Previous Post Next Post