অসম আন্দোলনৰ এগৰাকী অগ্ৰণী নেত্ৰী তথা বিশিষ্ট সমাজকৰ্মী ৰেখা শৰ্মাৰ বিয়োগত নগাঁও জিলাতে গভীৰ শোকৰ ছাঁ পৰিছে। প্ৰয়াত নেত্ৰীগৰাকীৰ নশ্বৰ দেহ নগাঁৱৰ মৰিকলঙত অৱস্থিত জিলা বিজেপিৰ মুখ্য কাৰ্যালয়লৈ অনা হয় আৰু তাতেই তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
বিজেপি দলৰ প্ৰতি থকা তেওঁৰ নিঃস্বাৰ্থ ত্যাগ আৰু সমাজ সেৱাক সন্মান জনাই কাৰ্যালয় প্ৰাংগণত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। ইপিনে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মৰিকলঙৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰয়াত নেত্ৰীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে আৰু নশ্বৰ দেহত পুষ্পমাল্য অৰ্পণেৰে শেষ শ্ৰদ্ধাঞ্জলি জনায়।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাজ্যিক সভাপতিগৰাকীৰ লগতে জিলাখনৰ কেইবাজনো বিধায়ক, জ্যেষ্ঠ বিজেপি নেতা আৰু অগণন দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে। অসম আন্দোলনৰ দিনৰে পৰা সমাজৰ হকে মাত মাতি অহা আৰু পৰৱৰ্তী সময়ত বিজেপি দলৰ ভেটি শক্তিশালী কৰাত ৰেখা শৰ্মাই আগবঢ়োৱা অৱদানক সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰে।
উল্লেখ্য যে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাজ্যিক সভাপতিগৰাকী মন্তব্য প্ৰদান কৰি কয় যে- ''ৰেখা শৰ্মাৰ দৰে এগৰাকী নিষ্ঠাবান নেত্ৰীৰ বিয়োগ নগাওঁ জিলা বিজেপিৰ বাবে নহয়, বৰং সমগ্ৰ ৰাজ্যিক বিজেপি পৰিয়ালৰ বাবে এক অপূৰণীয় ক্ষতি। দলৰ কঠিন সময়তো তেওঁ যি ত্যাগ আৰু নিষ্ঠাৰে কাম কৰিছিল, তাক সদায় স্মৰণ কৰা হ’ব।''আনফালে, এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দলীয় কৰ্মীবৃন্দসকলে মন্তব্য প্ৰদান কৰি কয় যে- ''ৰেখা শৰ্মা কেৱল এগৰাকী ৰাজনৈতিক কৰ্মীয়েই নাছিল, তেওঁ আছিল নগাঁৱৰ সামাজিক ক্ষেত্ৰখনৰ এগৰাকী মৰমৰ অভিভাৱক। তেওঁৰ বিয়োগ দল তথা সমাজৰ বাবে এক অপূৰণীয় ক্ষতি।"
প্ৰণিধানযোগ্য যে, মৰিকলঙৰ জিলা কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হোৱাৰ পাছত প্ৰয়াত নেত্ৰীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যুত বিভিন্ন সামাজিক সংগঠনেও শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
