ৰাজ্যত বৃদ্ধি জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ, ১০জনৰ মৃত্যু...




 

সমগ্ৰ দেশত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। অসমতেই ২০২৬চনৰ বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ ১০জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। তদুপৰি ৰাজ্যত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ৪২জনলৈ। 

এই ভাইৰেছে কামৰূপ জিলাৰ ৩জন, বৰপেটা আৰু লখিমপুৰ জিলাৰ ২জনকৈ লোকৰ প্ৰাণ কাঢ়িছে। তদুপৰি, কামৰূপ মেট্ৰ’, কাছাৰ, আৰু যোৰহাট জিলাত এজনকৈ লোকৰ মৃত্যু হৈছে। উল্লেখ্য যে, অসমত বৰ্তমানলৈকে Acute Encephalitis Syndromeৰ ৫১৯টা ঘটনা পোহৰলৈ আহিছে আৰু ইয়াৰে ৩৬জনৰ মৃত্যু হৈছে। 

উল্লেখ্য যে, অসমত স্বাস্থ্য বিভাগে বহু কেইখন জিলাত টীকাকৰণ অভিযান, স্বাস্থ্যকৰ্মীসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী আৰু জনসচেতনতামূলক অভিযানকে ধৰি বিভিন্ন প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। 

স্বাস্থ্য বিভাগৰ বিষয়াসকলে জনাই যে- ধুবুৰী, বঙাইগাঁও, মাজুলী, শোণিতপুৰ, চৰাইদেউ আৰু শ্ৰীভূমি জিলাত জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে প্ৰাপ্তবয়স্কসকলৰ টীকাকৰণ সফলভাৱে সম্পন্ন কৰা হৈছে। লক্ষ্য নিৰ্ধাৰিত প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৮৫ শতাংশৰো অধিক লোকক ইতিমধ্যে টীকা প্ৰদান কৰা হৈছে।

২০২৬ৰ ফেব্ৰুৱাৰীৰ পৰা স্বাস্থ্য বিভাগে প্ৰস্তুতি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। ১০৮ জৰুৰীকালীন এম্বুলেন্স সেৱাৰ কৰ্মচাৰীসকলক এই ভাইৰাছত আক্ৰান্ত ৰোগীক সঠিকভাৱে চিকিৎসালয়লৈ লৈ অনাৰ ক্ষেত্ৰত বিশেষ প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰ উপৰিও স্বাস্থ্য কেন্দ্ৰ আৰু উপ-স্বাস্থ্য কেন্দ্ৰসমূহৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ চিনাক্তকৰণ আৰু চিকিৎসা ব্যৱস্থাপনা সম্পৰ্কে বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

বিষয়াসকলে কয় যে- পূৰ্বতে উজনি অসমৰ জিলাসমূহত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা অধিক দেখা গৈছিল যদিও, সাম্প্ৰতিক সময়ত নিম্ন আৰু মধ্য অসমৰ বৰপেটা, বজালী, বাক্সা, তামুলপুৰ, নলবাৰী, কামৰূপ, মৰিগাঁও আৰু নগাঁও জিলাসমূহতো এই ৰোগৰ প্ৰভাৱ বৃদ্ধি পাইছে।

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, অসমৰ জলবায়ুগত পৰিস্থিতিয়ে ৰাজ্যখনক এই ৰোগৰ বাবে অধিক স্পৰ্শকাতৰ কৰি তোলে। বিশেষকৈ জুন, জুলাই আৰু আগষ্ট মাহৰ বৰষুণৰ সময়ছোৱাত এই ভাইৰাছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। 

Post a Comment

Previous Post Next Post