‘পদ্মভূষণ’ সন্মান গ্ৰহণ কৰাৰ পিছত বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী অলকা য়াগনিকে সামাজিক মাধ্যমত কৰিছে এক আবেগিক প'ষ্ট । এই প'ষ্টটোত বিগত দুবছৰ ধৰি নিজৰ স্বাস্থ্যজনিত সংগ্ৰাম আৰু অনুৰাগীৰ অকুণ্ঠ সমৰ্থনৰ কথা স্মৰণ কৰিছে গায়িকা গৰাকীয়ে। প্ৰকৃততে কি হৈছিল আলকা য়াগনিকৰ ? এতিয়া তেওঁৰ স্বাস্থ্যৰ অৱস্থা কেনে? এই সন্দৰ্ভত ৰিম্পী গগৈৰ এক বিশেষ প্ৰতিবেদন-
বিগত ২৩ জুনত বলিউডৰ অন্যতম জনপ্ৰিয় নেপথ্য কণ্ঠশিল্পী অলকা য়াগনিকক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মভূষণ’ প্ৰদান কৰা হৈছে। ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁক এই সন্মান প্ৰদান কৰে। এই বঁটা গ্ৰহণ কৰি সামাজিক মাধ্যমত গায়িকা গৰাকীয়ে কৰিছে এক আবেগিক প'ষ্ট। এই প'ষ্টে দুচকু সেমেকাই তুলিছে অনুৰাগীৰ।
গায়িকা গৰাকীয়ে উল্লেখ কৰে যে, বিগত দুবছৰ ধৰি তেওঁ জনজীৱন, ৰাজহুৱা অনুষ্ঠান আৰু লাইমলাইটৰ পৰা আঁতৰি আছিল। এই সময়ছোৱাত তেওঁ এক জটিল স্বাস্থ্য সমস্যাৰ সৈতে যুঁজ দিবলগীয়া হৈছিল।
পদ্মভূষণ সন্মান লাভ কৰাৰ পাছত গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰা অলকা কয় যে, এই সন্মান কেৱল তেওঁৰ ব্যক্তিগত সাফল্য নহয়, বৰঞ্চ তেওঁৰ গান ভালপোৱা লাখ লাখ শ্ৰোতা আৰু অনুৰাগীৰো সন্মান। “এই সন্মান মোৰ নামত প্ৰদান কৰা হৈছে যদিও ইয়াৰ প্ৰকৃত অধিকাৰী সেইসকল শ্ৰোতা, যিসকলে মোৰ কণ্ঠক নিজৰ জীৱনৰ অংশ হিচাপে গ্ৰহণ কৰিছে আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম মোৰ গানক সজীৱ কৰি ৰাখিছে।”
কি লিখিছিল অলকাই-
"বিগত দুবছৰ ধৰি মই জনসমাজৰ দৃষ্টিৰ পৰা আঁতৰি আছিলোঁ, ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰা বা মোৰ জীৱনযাত্ৰাৰ কথা বহুত বেছি ভাগ-বতৰা কৰা নাছিলোঁ। আপোনালোকৰ বহুতেই জানে যে মই এক কঠিন স্বাস্থ্যজনিত সময়ৰ মাজেৰে পাৰ হৈ আছিলোঁ। এই সমগ্ৰ সময়ছোৱাত আপোনালোকৰ মৰম, প্ৰাৰ্থনা, বাৰ্তা আৰু অটল সমৰ্থনে মোক প্ৰতিটো খোজত সাহস আৰু শক্তি যোগাই আহিছে।
আজি, দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহৰ ভিতৰত অন্যতম সন্মানীয় ‘পদ্মভূষণ’ গ্ৰহণ কৰিবলৈ আগবাঢ়ি যোৱাৰ সময়ত, মোৰ হৃদয় গভীৰ কৃতজ্ঞতাৰে ভৰি পৰিছিল। এই সন্মান মোৰ বাবে অত্যন্ত নম্ৰতাপূৰ্ণ আৰু গৌৰৱৰ বিষয়। যদিও এই সন্মান মোৰ নামত প্ৰদান কৰা হৈছে, তথাপিও ই সমানভাৱে সেই সকলো শ্ৰোতাৰ, যিসকলে মোৰ কণ্ঠক নিজৰ জীৱনৰ এক অংশ হিচাপে গ্ৰহণ কৰিছে, মোৰ গানক প্ৰজন্মৰ পিছত প্ৰজন্ম আগবঢ়াই নিছে আৰু মোৰ সফলতা তথা সংগ্ৰামৰ সময়ত সদায় মোৰ কাষত থিয় দিছে।
এই মুহূৰ্তটো মোৰ বাবে বিশেষভাৱে তাৎপৰ্যপূৰ্ণ,কাৰণ ই কেৱল মোৰ কৰ্মৰ স্বীকৃতি নহয়; ই মৰম, আশা আৰু ধৈৰ্যৰ পৰা আহা শক্তিৰো এক সজীৱ সোঁৱৰণি। মই ধীৰে ধীৰে পুনৰ নিজৰ পথ বিচাৰি উলিয়াই আছোঁ, আৰু আজি মই ইয়াত উপস্থিত থাকিব বিচাৰিছিলোঁ—কেৱল নিজৰ বাবে নহয়, বৰঞ্চ আপোনালোকৰ প্ৰতিজনৰ বাবে, যিসকলে এই যাত্ৰাৰ এক অবিচ্ছেদ্য অংশ হৈ আছে।
মই ভাৰতৰ মাননীয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰালয় আৰু ভাৰত চৰকাৰৰ প্ৰতিও আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিসকলে মোক এই অসাধাৰণ সন্মানেৰে বিভূষিত কৰিছে। মই এই সন্মান গভীৰ নম্ৰতা আৰু শ্ৰদ্ধাৰে গ্ৰহণ কৰিছোঁ।
বছৰ বছৰ ধৰি মোক আগবঢ়াই দিয়া আপোনালোকৰ মৰম, সদয়তা, প্ৰাৰ্থনা আৰু বিশ্বাসৰ বাবে আন্তৰিক ধন্যবাদ। এই সকলো আশীৰ্বাদ মই সদায় হৃদয়ত সযতনে কঢ়িয়াই ফুৰিম।
আজি মই কেৱল এটা বঁটা গ্ৰহণ কৰা নাই—মই অনুভৱ কৰিছোঁ সেই লাখ লাখ মানুহৰ অশেষ মৰম, যিসকলে মোৰ জীৱনযাত্ৰাৰ অংশ হৈ আছে।
মৰমেৰে
অলকা"
কি ৰোগত আক্ৰান্ত অলকা ?
২০২৪ চনত অলকা য়াগনিকে জানিবলৈ দিছিল যে, তেওঁ ‘চেন্সৰি নিউৰেল হিয়াৰিং লছ’ (Sensory Neural Hearing Loss) নামৰ এক বিৰল শ্ৰৱণজনিত ৰোগত আক্ৰান্ত হৈছে। এই ৰোগৰ ফলত মানুহৰ শুনাৰ ক্ষমতা আংশিক অথবা সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত হ’ব পাৰে।
তেওঁ জনোৱা মতে, এখন বিমান যাত্ৰাৰ পিছত হঠাতে তেওঁ কানেৰে নুশুনা সমস্যাৰ সন্মুখীন হয়। বিমানৰ পৰা নামি অহাৰ কিছু সময়ৰ ভিতৰতে তেওঁ অনুভৱ কৰে যে তেওঁৰ কাণে স্বাভাৱিকভাৱে শব্দ গ্ৰহণ কৰিব পৰা নাই। আকস্মিকভাৱে সংঘটিত এই ঘটনাই তেওঁক গভীৰভাৱে আচৰিত কৰি তুলিছিল।
চিকিৎসকসকলে জনোৱা মতে, এক ভাইৰেল সংক্ৰমণৰ ফলত এই ৰোগৰ সৃষ্টি হৈছিল। এই ধৰণৰ ৰোগ অতি কম সংখ্যক লোকৰ ক্ষেত্ৰত দেখা যায়। তেতিয়া আলকাই নিজৰ অনুৰাগীসকলক তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছিল।
উচ্চ শব্দ আৰু হেডফোন ব্যৱহাৰৰ বিৰুদ্ধে সতৰ্কবাণী
নিজৰ অভিজ্ঞতাৰ আধাৰত অলকা য়াগনিকে সাধাৰণ জনতাকো সতৰ্ক কৰি দিছিল। তেওঁ সদৰী কৰিছিল যে, দীৰ্ঘ সময় ধৰি হেডফোন ব্যৱহাৰ কৰা আৰু অত্যধিক উচ্চ শব্দত গান শুনা অভ্যাসে শ্ৰৱণশক্তিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ যুৱ প্ৰজন্মক এই ক্ষেত্ৰত অধিক সাৱধান হ'বলৈ তেওঁ আহ্বান জনায়।
এতিয়া কেনে অলকাৰ স্বাস্থ্যৰ অৱস্থা ?
শেহতীয়াকৈ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অলকা য়াগনিকে উল্লেখ কৰে যে, তেওঁ এতিয়া ধীৰে ধীৰে সুস্থ হোৱাৰ পথত আগবাঢ়িছে। দীৰ্ঘদিন ধৰি জনসমাজৰ পৰা আঁতৰি থাকিলেও তেওঁ অনুৰাগীসকলৰ মৰম আৰু বিশ্বাসক কেতিয়াও পাহৰা নাই।
ইফালে, পদ্মভূষণ লাভৰ পিছত বলিউডৰ বহু শিল্পী, সংগীতজ্ঞ আৰু অনুৰাগীয়ে অলকাক অভিনন্দন জনাইছে। তেওঁলোকৰ ভিতৰত প্ৰখ্যাত কণ্ঠশিল্পী চানৰ মন্তব্য বিশেষভাৱে চৰ্চিত হৈছে। কণ্ঠশিল্পী গৰাকীয়ে আলকাৰ স্বাস্থ্যৰ উন্নতি কামনা কৰি কয়, “আপোনাৰ অনুৰাগীসকলৰ বাবে ইয়াতকৈ ডাঙৰ সুখ একো হ’ব নোৱাৰে। আপুনি সম্পূৰ্ণ সুস্থ হৈ পুনৰ সংগীতজগতলৈ ঘূৰি আহিব আৰু আপোনাৰ যাদুকৰী কণ্ঠৰে আমাক পুনৰ মুগ্ধ কৰিব।”
উল্লেখ্য যে, অলকা য়াগনিক ভাৰতীয় চলচ্চিত্ৰ সংগীতৰ ইতিহাসৰ অন্যতম সফল আৰু জনপ্ৰিয় কণ্ঠশিল্পী। প্ৰায় চাৰি দশকৰো অধিক সময় ধৰি তেওঁ অসংখ্য জনপ্ৰিয় গান উপহাৰ দিছে। সংগীতক্ষেত্ৰত অসামান্য অৱদানৰ বাবে তেওঁ দুবাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।
