কাছাৰত হেৰ'ইনসহ নগাঁৱৰ ২ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...



 ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা।‌ গোপন তথ্যৰ‌ ভিত্তিত বদৰপুৰ-শ্বিলং ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিগৰালত অভিযান চলাই আৰক্ষীয়ে এখন বাহনৰ পৰা জব্দ কৰে হেৰ'ইন।

 
আৰক্ষীৰ এক সূত্ৰৰ মতে, অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত বিশেষ শাখাৰ উপ-আৰক্ষী অধীক্ষক ধীৰাজ পাঠক, গুমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ মিলিসহ আৰক্ষীৰ দল এটাই দিগৰখালৰ পুৰণি MVI গেটৰ ওচৰত‌ তালাচী চলাইছিল বাহনখনত। 

তালাচীৰ সময়ত বাহনখনৰ গোপন চেম্বাৰৰ পৰা ১৫টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে আৰক্ষীয়ে। বাকচ কেইটাৰ পৰা মুঠ ১৭৭ গ্ৰাম হেৰ'ইন জব্দ কৰা হয়। হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে বাহনৰ চালক আৰু এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। 

ধৃত‌ লোক দুজন নগাঁও জিলাৰ ৰংগলু গাঁৱৰ হাচান আলী আৰু ভক্ত গাঁৱৰ ছিদ্দিগুল ইছলাম বুলি সদৰী কৰিছে আৰক্ষীয়ে। হেৰ'ইনখিনি চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা কাছাৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ সময়ত আৰক্ষীয়ে জব্দ কৰে। এই সংক্ৰান্তত এটি গোচৰ ৰুজু কৰি‌ আৰক্ষীয়ে তদন্ত অব্যাহত কৰিছে।

Post a Comment

Previous Post Next Post