আয়াতুল্লাহ আলী খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়ালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক নিমন্ত্ৰণ


 

আয়াতুল্লাহ আলী খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়ালৈ নিমন্ত্ৰণ জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে প্ৰধানমন্ত্ৰী গৰাকীৰ জনালে নিমন্ত্ৰণ। 

উল্লেখযোগ্য যে, অহা ৫ জুলাইৰ পৰা ৯ জুলাইৰ ভিতৰত তেহৰাণ, ক’ম আৰু মাছহাদত অনুষ্ঠিত হ’ব খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া। অৱশ্যে ভাৰত চৰকাৰে এতিয়াও আনুষ্ঠানিকভাৱে এই আমন্ত্ৰণৰ প্ৰতি কোনো সঁহাৰি জনোৱা নাই। 

ইফালে কূটনৈতিক সূত্ৰৰ মতে, খামেইনীৰ মৃত্যুৰ পিছত ইৰাণে বৃহৎ পৰিসৰৰ স্মৃতিচাৰণ অনুষ্ঠানৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে ভাৰতে এই আমন্ত্ৰণ লাভ কৰিছে। জানিব পৰা মতে, ৫, ৬ আৰু ৭ জুলাইত তেহৰাণ আৰু কুমত নেতাগৰাকীৰ স্মৃতিত বিশেষ অনুষ্ঠান অনুষ্ঠিত হ’ব। আনহাতে, ৯ জুলাইত মাছহাদত চূড়ান্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ’ব।

উল্লেখ্য যে, প্ৰায় ইৰাণৰ তিনিটা দশকৰ সৰ্বোচ্চ নেতা খামেইনীয়ে বিগত ২৮ ফেব্ৰুৱাৰীত শেষ নিশ্বাস ত্যাগ কৰিছিল। তেওঁৰ মৃত্যুৰ পিছত এইটোৱেই হ’ব প্ৰথমটো বৃহৎ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান। এই অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত বিশ্বৰ বহু দেশৰ নেতাসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

Post a Comment

Previous Post Next Post