চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত দুই নং এঙেৰা কোঁৱৰ গাঁও নিবাসী দেশৰ স্বাধীনতা সংগ্ৰামী তথা ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ অগ্ৰণী সেনানী কালিনাথ কোঁৱৰৰ বুধবাৰে নিজা বাসগৃহ পৰলোকপ্ৰাপ্তি ঘটে ৷
চৰাইদেউ গাঁও পঞ্চায়ত এলেকা কোঁৱৰ গাঁৱত ১৯২৮ চনত জন্ম গ্ৰহণ কৰা কোঁৱৰে গ্ৰামাঞ্চলতে স্থায়ীভাৱে বসতিস্থাপন কৰি পৰৱৰ্তী সময়ত ভাৰত ত্যাগ আন্দোলনত জঁপিয়াই পৰিছিল ৷ অবিভক্ত শিৱসাগৰ জিলাৰ বহু কেইগৰাকী মুক্তিযোদ্ধাৰ সান্নিধ্য লাভ কৰা বৰ্ষীয়ান মুক্তিযোদ্ধা গৰাকীয়ে ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰাই নহয় বিদেশী খেদা আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল ৷
ইফালে, ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত তেখেতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ সমগ্ৰ অঞ্চলটোৰ উন্নতিৰ হকে কাম কৰি গৈছিল ৷ তেখেত এগৰাকী সৰবৰহী, ধাৰ্মিক আৰু আদৰ্শ খেতিয়ক আছিল ৷ বুধবাৰে দুপৰীয়া ভাগত তেওঁ প্ৰায় ৯৮ বছৰত শেষ নিশ্বাস ত্যাগ কৰে ৷
মুক্তিযোদ্ধা তথা বৃহত্তৰ অঞ্চলটোৰ বয়োজ্যেষ্ঠ ব্যক্তি গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। তেখেতৰ বিয়োগত সোনাৰি সমষ্টি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ,অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন আৰু চৰাইদেউ জিলা মুক্তিযুঁজাৰু সন্মিলনৰ তৰফৰ পৰাও তেওঁৰ পুণ্যাত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শেষ বিদায় জনায় ৷
একেদৰে চৰাইদেউ জিলা প্ৰশাসনৰ লগতে বিভিন্ন দল-সংগঠনৰ তৰফৰ পৰাও ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷ মৃত্যুৰ সময়ত তেওঁ ২জন পুত্ৰ আৰু বোৱাৰী, নাতি- নাতিনীসহ অনেক গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।
