বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱঃ আৰক্ষীৰ নিষ্ক্ৰিয়তাক লৈ উত্তপ্ত ৰাইজ



জামুগুৰিহাটত দিনে দিনে বৃদ্ধি পাই অহা চুৰি কাৰ্যই এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে সৰ্বসাধাৰণ ৰাইজৰ মাজত। এইবাৰ জামুগুৰিহাটৰ টুপিয়া গাঁৱত দিন দুপৰতে সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী উপেন শইকীয়াৰ বাসগৃহত চোৰে চলালে লুটপাত। চোৰে লুটি নিলে নগদ ধনসহ প্ৰায় ১০ লাখৰো অধিক টকাৰ সোণৰ আ-অলংকাৰ।

প্ৰাপ্ত তথ্য অনুসৰি, বিশিষ্ট সমাজকৰ্মী উপেন শইকীয়া আৰু তেখেতৰ পৰিয়ালৰ সদস্যসকল পুৱাৰে পৰা কোনো বিশেষ কামত ঘৰত অনুপস্থিত আছিল। ঘৰখন জনশূণ্য থকাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰে গভাইত চোৰৰ দলটোৱে। চোৰে বাসগৃহটোৰ পিছফালৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰে আৰু আলমাৰিৰ লকাৰ ভাঙি নগদ ২০ হাজাৰ টকা আৰু প্ৰায় ১০ লাখ টকা মূল্যৰ সোণৰ গহনা লুটি লৈ উধাও হয়।

বিয়লি পৰিয়ালৰ লোকসকল ঘৰলৈ ওভতি অহাৰ পিছতে চকু কপালত উঠে। ঘৰৰ ভিতৰত আচবাব আৰু লাগতিয়াল বয়বস্তুসমূহ লণ্ডভণ্ড তথা সিঁচৰিত হৈ পৰি থকা প্ৰত্যক্ষ কৰি তেওঁলোকে চুৰিকাণ্ডৰ কথা নিশ্চিত কৰে। 

উল্লেখ্য যে, এই সমগ্ৰ চুৰিকাণ্ডৰ সন্দৰ্ভত ভুক্তভোগী গৃহস্থ উপেন শইকীয়াই জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰ লাভ কৰাৰ পাছতে জামুগুৰি আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক অনুসন্ধান চলাই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

অঞ্চলটোৰ বিভিন্ন গাঁৱত ইটোৰ পিছত সিটো চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছতো জামুগুৰি আৰক্ষীয়ে চোৰৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰা বা ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি স্থানীয় ৰাইজে তীব্ৰ অসন্তুষ্টি আৰু ক্ষোভ প্ৰকাশ কৰিছে। ৰাইজে অতি শীঘ্ৰে টুপিয়া গাঁৱৰ এই চুৰিকাণ্ডৰ সৈতে জড়িত অপৰাধীক গ্ৰেপ্তাৰ কৰি সম্পত্তি খিনি উদ্ধাৰ কৰিবলৈ দাবী জনাইছে।

Post a Comment

Previous Post Next Post