স্বাধীনতাৰ ৭৮ বছৰৰ পিছতো বৈদ্যুতিক পোহৰৰ পৰা বঞ্চিত বিহালী বিধানসভা সমষ্টিৰ সীমান্তৱৰ্তী একাধিক গাঁৱৰ ৰাইজে দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত অৱশেষত মুখ দেখিলে বৈদ্যুতিক পোহৰৰ। অসম-অৰুণাচল সীমান্তত অতন্দ্ৰ প্ৰহৰীৰ দৰে বসবাস কৰি কঠোৰ জীৱন সংগ্ৰাম চলাই অহা বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহমাৰী বনগাঁৱৰ খাটিখোৱা জনগোষ্ঠীয় ৰাইজে আনুষ্ঠানিক বিদ্যুৎ যোগানৰ প্ৰাপ্তিৰ আনন্দত বুধবাৰে উৎফুল্লিত হৈ পৰে।
শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত আৰু বিহালী বিধানসভা সমষ্টিৰ বিধায়ক মুনীন্দ্ৰ দাসৰ কৰ্মদক্ষতা আৰু নেৰানেপেৰা প্ৰচেষ্টাৰ বলত বিহমাৰী বনগাঁৱত আজি প্ৰাণ পাই উঠে বৈদ্যুতিক সেৱাই। উল্লেখযোগ্য যে, বিহালীৰ তদানীন্তন বিধায়ক তথা বৰ্তমানৰ শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তই উক্ত দুৰ্গম অঞ্চলটোৰ বিহমাৰী বনগাঁৱত বৈদ্যুতিক সেৱাৰ স্থায়ীকৰণৰ বাবে কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰি আহিছিল।
সমসাময়িকভাৱে বিহালী বিধানসভা সমষ্টিৰ বিধায়ক মুনীন্দ্ৰ দাসেও এইক্ষেত্ৰত গ্ৰহণ কৰা যাৱতীয় তৎপৰতাৰ অন্ততঃ আজি উক্ত পদক্ষেপে বাস্তৱ ৰূপ পায়। প্ৰথম পৰ্যায়ত সামৰি লোৱা বিহালী বনগাঁৱৰ ৩১৫ টা পৰিয়াল এই বিদ্যুৎ সেৱাৰ পৰা উপকৃত হৈছে।
বিদ্যুৎ বিভাগৰ RDSS Adll (HH) আঁচনিৰ অধীনত এপিডিচিএলৰ প্ৰথম শ্ৰেণীৰ (ক) ঠিকাদাৰ জয়ন্ত খাউণ্ডে ৰূপায়ণ কৰা উক্ত বৈদ্যুতিকীকৰণ বুধবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। সেই উপলক্ষে আজি বিহালী বনগাঁৱত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিহালী বিধানসভা সমষ্টিৰ বিধায়ক মুনীন্দ্ৰ দাস, বিদ্যুৎ বিভাগৰ তেজপুৰৰ এজিএম(প্ৰজেক্ট) অৰুণ জ্যোতি নাথ, বিশ্বনাথ চাৰিআলি ডিভিজনৰ এজিএম সাৰংগপানী শইকীয়া, বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক অজাগৌৰাণ বসুমতাৰী প্ৰমুখ্যে বহু বিশিষ্ট লোক উপস্থিত থাকে। দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত বিহমাৰী বনগাঁৱৰ ৰাইজে বিদ্যুতৰ পোহৰ লাভ কৰাত স্বাভাৱিকতেই দুৰ্গম অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে।
