বাসুগাঁৱত জিএছটি সন্দৰ্ভত সজাগতা সভাঃ অৰ্ধ শতাধিক ব্যৱসায়ীৰ অংশগ্ৰহণ


 

কোকৰাঝাৰস্থিত অসম ৰাজ্যিক সহকাৰী কৰ আয়ুক্ত কাৰ্যালয়ৰ উদ্যোগত চিৰাং জিলাৰ বাসুগাঁও চহৰস্থিত সুন্দৰবন ৰিজৰ্টত সামগ্ৰী আৰু সেৱা কৰৰ ওপৰত এক বিশেষ সজাগতামূলক সভা অনুষ্ঠিত হয়। বাসুগাঁৱৰ অৰ্ধ শতাধিক পাইকাৰী আৰু ক্ষুদ্ৰ ব্যৱসায়ীয়ে এই গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰে।

এই সজাগতা সভাৰ আৰম্ভণিতে সভাৰ মূল উদ্দেশ্য ব্যাখ্যা কৰে কৰ আয়ুক্ত সীমান্ত ৰংহাঙে। ইয়াৰ পাছতে জিএছটিৰ জটিল নিয়মাৱলী আৰু ব্যৱসায়িক দিশসমূহৰ ওপৰত বিতং তথ্য আগবঢ়ায় ৰাজ্যিক সহকাৰী কৰ আয়ুক্ত ৰশ্মি পাঠক আৰু বিক্ৰীকৰ অধীক্ষক গোবিন্দ আগৰৱালাই। লহগতে কোনসকল ব্যৱসায়ীয়ে জিএছটি পঞ্জীয়ন কৰিব লাগে, কিয় কৰিব লাগে আৰু সামান্তৰালভাৱে কোনসকল ক্ষুদ্ৰ ব্যৱসায়ী জিএছটিৰ আওতাৰ পৰা মুক্ত এই বিষয় লৈ সভাত বিস্তৰ আলোচনা হয়। উপস্থিত ব্যৱসায়ীসকলে কৰ পঞ্জীয়ন সম্পৰ্কে কৰা বিভিন্ন প্ৰশ্নৰ উত্তৰত কৰ বিভাগৰ বিষয়াসকলে অতি সাৱলীল আৰু সৰল ভাষাৰে বুজাই দিয়ে। 

উল্লেখ্য যে, অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বাসুগাঁও পৌৰসভাৰ উপ-পৌৰপতি চন্দন দাসৰ লগতে কেইবাগৰাকীও পৌৰ সদস্য। ইয়াৰ উপৰি বাসুগাঁও চহৰৰ আগশাৰীৰ ব্যৱসায়ী ক্ৰমে- উত্তম সাহা, বাণীকান্ত গয়াৰী, দীনেশ দেৱনাথ আদিকে ধৰি অঞ্চলটোৰ বহু কেইগৰাকী ব্যৱসায়ীয়ে সভাত অংশ লয়।ব্যৱসায়ী সমাজৰ আদৰণি আৰু অনুৰোধ"জিএছটিক লৈ সাধাৰণ ব্যৱসায়ীসকলৰ মাজত থকা বহু ভুল ধাৰণা এই সভাৰ জৰিয়তে দূৰ হৈছে। 

সভাত উপস্থিত অধিকাংশ ব্যৱসায়ীয়ে কৰ বিভাগৰ এই পদক্ষেপক আদৰণি জনায়। তেওঁলোকে আগলৈও বাসুগাঁও চহৰত পুনৰ এনেধৰণৰ সজাগতামূলক সভা অনুষ্ঠিত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক অনুৰোধ জনায়, যাতে সাধাৰণ ব্যৱসায়ীসকলে সহজে নিয়মসমূহ বুজি উঠিব পাৰে। লগতে পৰৱৰ্তী সভাসমূহত বিষয়টো আৰু অধিক সহজ কৰিবলৈ বিশেষজ্ঞ সমল ব্যক্তি উপস্থিত ৰাখিবলৈ ব্যৱসায়ীসকলে আহ্বান জনায়।

Post a Comment

Previous Post Next Post