এইবাৰ প্ৰধানমন্ত্ৰী লৈ পত্ৰ প্ৰেৰণ কৰিলে ক'কৰোচ জনতা পাৰ্টিয়ে । চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ মুকলি পত্ৰ লিখি NEETৰ প্ৰশ্নকাকত ফাদিল হোৱা বিতৰ্ক আৰু ক্ৰমাৎ বাঢ়ি অহা মানসিক চাপৰ বাবে আত্মহত্যা কৰা শিক্ষাৰ্থীৰ পৰিয়ালক ১ কোটি টকাৰ ক্ষতিপূৰণৰ দাবী জনায়।
এই পত্ৰৰ জৰিয়তে অভিজিৎ দীপকে দাবী কৰে যে, বিগত এসপ্তাহত NEETৰ ১১জন প্ৰাৰ্থীয়ে আত্মহত্যা কৰিছে। আনহাতে, এই ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত পাঁচগৰাকীয়ে বিগত ৪৮ ঘণ্টাৰ ভিতৰত আত্মহত্যা কৰিছে।
দীপকে পত্ৰত লগতে উল্লেখ কৰে যে, NEET প্ৰশ্নকাকত ফাদিল হোৱাৰ ফলত লাখ লাখ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালক তীব্ৰ মানসিক চাপত পৰিছে। ইয়াৰ ফলত পৰীক্ষা ব্যৱস্থাৰ প্ৰতি থকা আস্থা ক্ষয় হৈছে আৰু বহু ছাত্ৰ-ছাত্ৰীয়ে মানসিক চাপৰ সন্মুখীন হৈছে।
