LPG চিলিণ্ডাৰক লৈ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত


 

দেশৰ ঔদ্যোগিক আৰু বাণিজ্যিক এলপিজি উপভোক্তাসকলৰ বাবে এক অতি স্বস্তিদায়ক খবৰ। কেন্দ্ৰীয় চৰকাৰে অনা-ঘৰুৱা চিলিণ্ডাৰ যোগানৰ ক্ষেত্ৰত আৰোপ কৰা সকলো ধৰণৰ খণ্ডভিত্তিক বাধা-নিষেধ অনতিবিলম্বে প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ লগে লগে হোটেল, ৰেষ্টুৰেণ্ট আৰু ক্ষুদ্ৰ উদ্যোগসমূহে এতিয়াৰে পৰা পশ্চিম এছিয়াৰ সংকটৰ পূৰ্বৱৰ্তী সময়ৰ দৰেই সম্পূৰ্ণ পৰিমাণে গেছ চিলিণ্ডাৰ লাভ কৰিব।

শেহতীয়াকৈ দেশৰ দৰিদ্ৰ তথা মধ্যবিত্ত পৰিয়ালসমূহক সকাহ দি কেন্দ্ৰীয় চৰকাৰে মাত্ৰ ৬৪২ টকাত ঘৰুৱা এলপিজি চিলিণ্ডাৰ যোগান ধৰাৰ ব্যৱস্থা অব্যাহত ৰাখিছে। বিশ্ব বজাৰত খাৰুৱা তেল আৰু গেছৰ মূল্যবৃদ্ধিৰ মাজতো চৰকাৰে গ্ৰহণ কৰা বিশেষ ৰাজসাহায্য নীতিৰ বাবে সৰ্বসাধাৰণ গ্ৰাহকে কম মূল্যত ৰন্ধন গেছ ক্ৰয় কৰাৰ সুযোগ লাভ কৰিছে।  

 এই বিশেষ সুবিধাটো সকলো সাধাৰণ গ্ৰাহকৰ বাবে প্ৰযোজ্য নহয়। এই ৰেহাই মূল্য কেৱল প্ৰধানমন্ত্ৰী উজ্জ্বল যোজনাৰ অন্তৰ্গত সংযোগ থকা হিতাধিকাৰীসকলেহে লাভ কৰিব। ৰাজধানী দিল্লীত সাধাৰণ গ্ৰাহকৰ বাবে ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হৈছে ৯৪২ টকা।  কিন্তু উজ্জ্বল যোজনাৰ গ্ৰাহকসকলে প্ৰতিটো চিলিণ্ডাৰত ৩০০ টকাৰ পোনপটীয়া ৰাজসাহায্য লাভ কৰে।  ইয়াৰ ফলত, হিতাধিকাৰীৰ বেংক একাউণ্টলৈ ৩০০ টকা ঘূৰি আহে আৰু চিলিণ্ডাৰটোৰ কাৰ্যকৰী মূল্য বা ইফেক্টিভ প্ৰাইচ হৈ পৰে মাত্ৰ ৬৪২ টকা। 

চৰকাৰে বাজেট আৰু বিত্তীয় সন্তুলন ৰক্ষা কৰিবলৈ শেহতীয়াকৈ উজ্জ্বল যোজনাৰ ৰাজসাহায্য প্ৰাপ্ত চিলিণ্ডাৰৰ সংখ্যাত কিছু সালসলনি কৰিছে। নতুন নিয়মানুসৰি হিতাধিকাৰীসকলে এতিয়াৰে পৰা বছৰেকত প্ৰথম চাৰিটা চিলিণ্ডাৰত গেছ ভৰালে ৩০০ টকাকৈ ৰাজসাহায্য লাভ কৰিব।  ইয়াৰ পিছত যদি অতিৰিক্ত চিলিণ্ডাৰৰ প্ৰয়োজন হয়, তেন্তে সাধাৰণ গ্ৰাহকৰ দৰে নিৰ্ধাৰিত বজাৰ মূল্য পৰিশোধ কৰিব লাগিব।  চৰকাৰী তথ্য অনুসৰি, এটা সাধাৰণ উজ্জ্বল যোজনাৰ পৰিয়ালত গঢ়ে বছৰি ৪ টা চিলিণ্ডাৰৰ প্ৰয়োজন হয়, সেইবাবেই এই সীমা ধাৰ্য কৰা হৈছে।

এই সুবিধা আপুনি কেনেকৈ লাভ কৰিব? 

যদি আপোনাৰ ঘৰত উজ্জ্বল যোজনাৰ গেছ সংযোগ নাই, তেন্তে আপুনি  প্ৰথমে আবেদন কৰিব লাগিব।  আবেদনকাৰী কেৱল দৰিদ্ৰ বা বিপিএল পৰিয়ালৰ প্ৰাপ্তবয়স্ক মহিলা হ'ব লাগিব। ঘৰত পূৰ্বৰে পৰা আন কোনো এলপিজি সংযোগ থাকিব নোৱাৰিব। প্ৰয়োজনীয় নথিপত্ৰ যেনে- আধাৰ কাৰ্ড, ৰেচন কাৰ্ড,বেংক একাউণ্ট নম্বৰ আৰু IFSC ক’ড আৰু পাছপ’ৰ্ট ফটো লাগিব। 

আপুনি ওচৰৰ যিকোনো গেছ এজেঞ্চীলৈ গৈ অফলাইন ফৰ্ম পূৰণ কৰিব পাৰে অথবা উজ্জ্বল যোজনাৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তেও অনলাইন আবেদন কৰিব পাৰে। 

Post a Comment

Previous Post Next Post