ভূমিকম্পই জোকাঁৰি গ'ল...


 

যোৱা শনিবাৰে (২৭ জুন, ২০২৬) সন্ধিয়া প্ৰায় ৭:০৪ বজাত এক শক্তিশালী ভূমিকম্পই দিল্লী-এনচিআৰ (Delhi NCR) আৰু উত্তৰ-পশ্চিম ভাৰতৰ লগতে পাকিস্তানৰ এক বিশাল অঞ্চল জোকাৰি যায়। ৰিখটাৰ স্কেলত ৬.২ প্ৰাবল্যৰ এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল আফগানিস্তানৰ হিন্দুকুশ (Hindu Kush) অঞ্চল।

ৰাষ্ট্ৰীয় ভূকম্পন বিজ্ঞান কেন্দ্ৰ (NCS) ৰ তথ্য অনুসৰি, ভূ-গৰ্ভৰ প্ৰায় ২১৫ কিলোমিটাৰ গভীৰতাত ইয়াৰ উৎপত্তি হোৱাৰ বাবে ভূপৃষ্ঠত ইয়াৰ প্ৰভাৱ কিছু পৰিমাণে কম আছিল। সৌভাগ্যবশতঃ, এই গভীৰতাৰ বাবেই কোনো ডাঙৰ  ক্ষয়ক্ষতি বা প্ৰাণহানিৰ খবৰ পোৱা যোৱা নাই।

এই ভূমিকম্পৰ জোকাৰণি ভাৰত আৰু পাকিস্তানৰ উপৰিও আফগানিস্তান, চীন, তাজিকিস্তান, উজবেকিস্তান, কিৰগিজস্তান আৰু তুৰ্কমেনিস্তানতো অনুভুত হৈছে। ইয়াৰ ঠিক কিছু সময় পূৰ্বে পাকিস্তানত পৃথকভাৱে আন এক ৫.৪ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল, যাৰ গভীৰতা আছিল ৭৫ কিলোমিটাৰ।

ভৌগোলিকভাৱে পাকিস্তান ভাৰতীয় আৰু ইউৰেছিয়ান টেকটনিক প্লেটৰ সংযোগস্থলত অৱস্থিত হোৱাৰ বাবে এই সমগ্ৰ অঞ্চলটোত প্ৰায়েই এনেধৰণৰ ভূমিকম্প সংঘটিত হোৱা দেখা যায়।

Post a Comment

Previous Post Next Post