দেৰগাঁৱৰ ধোডাঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অঞ্চলটোৰ এখন দলঙৰ তলত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
প্ৰাপ্ত তথ্য প্ৰতিবেদন অনুসৰি, স্থানীয় একাংশ যুৱকে প্ৰথমতে দলঙৰ তলত মৃতদেহটো প্ৰত্যক্ষ কৰে আৰু লগে লগে এই বিষয়ে আৰক্ষীক অৱগত কৰে। ঘটনাৰ খবৰ পোৱা মাত্ৰকেই আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে দেৰগাঁও সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে, উদ্ধাৰ হোৱা মৃতদেহটো নতুন চাপৰি অঞ্চলৰ ৩১ বছৰীয়া যুৱক জয়ন্ত মুদৈৰ বুলি জানব পৰা গৈছে। অতি ৰহস্যজনকভাৱে, উদ্ধাৰৰ সময়ত মৃত যুৱকজনৰ মুখমণ্ডলত স্পষ্ট আঘাতৰ চিন প্ৰত্যক্ষ কৰা হৈছে। মুখৰ এই গভীৰ আঘাতৰ চিনৰ বাবে স্থানীয় ৰাইজে এয়া এক হত্যাকাণ্ড হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।
বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত এক তদন্ত আৰম্ভ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পাছতহে যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
