জালুকবাৰী আৰক্ষীৰ জালত বহিঃৰাজ্যৰ ৬জনীয়া ডকাইতৰ দ


 

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ জালুকবাৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চলাইছিল অভিযান।  অভিযানত এটা বহিঃৰাজ্যৰ ডকাইতৰ দলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আদাবাৰীত অৱস্থিত 'অভিসাৰিকা হোটেল'ৰ পৰা আৰক্ষীৰ দলটোৱে ডকাইতৰ দলটোক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, এই ডকাইতৰ দলটোৱে দীৰ্ঘদিন ধৰি ৰে’ল যাত্ৰীসকলক লক্ষ্য কৰি বিভিন্ন ৰে'ল ষ্টেচনত লুটপাত চলাই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। ধৃত আটাইকেইজন অপৰাধী হাৰিয়ানাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ডকাইতকেইটা ক্ৰমে- সোনু,কৃষ্ণ ৰাণা,কুলদীপ,প্ৰবীণ কুমাৰ,সত্যৱান,সঞ্জয় কুমাৰ। 

বৰ্তমান জালুকবাৰী আৰক্ষীয়ে ধৃত ডকাইত কেইটাক জিম্মাত লৈ তীব্ৰ জেৰা অব্যাহত ৰাখিছে। এই চক্ৰটোৰ সৈতে স্থানীয় কোনো লোক জড়িত আছে নেকি আৰু পূৰ্বে তেওঁলোকে কি কি ডকাইতি কাণ্ড সংঘটিত কৰিছিল, সেই সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্য লাভ কৰিবলৈ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তুলিছে।


Post a Comment

Previous Post Next Post