সমগ্ৰ অসমৰ লগতে ধুবুৰী জিলাতো ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস উপলক্ষে পালছ পলিঅ' কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়ত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কেবিনেট মন্ত্ৰী তথা ধুবুৰীৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে।
পলিঅ' মুক্ত ভাৰত গঠনৰ সংকল্পৰে আয়োজিত এই কাৰ্যসূচীত ভাগ লৈ মন্ত্ৰী সিংহলে উল্লেখ কৰে যে- সমগ্ৰ ৰাজ্যৰ ২৪ হাজাৰ স্বাস্থ্য কেন্দ্ৰত আজি প্ৰায় ৫২ হাজাৰ স্বাস্থ্য কৰ্মীয়ে সক্ৰিয়ভাৱে এই টীকাকৰণ অভিযান ৰূপায়ণ কৰিছে। পলিঅ' নিৰ্মূলৰ এই ৰাষ্ট্ৰীয় যুঁজখনত অসমেও সমগ্ৰ দেশৰ সৈতে সমানে ভৰি মিলাইছে বুলি তেওঁ উল্লেখ কৰে। শিশু আৰু মাতৃক বিভিন্ন মাৰাত্মক ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰে এনেধৰণৰ স্বাস্থ্যমূলক সেৱাসমূহ নিৰন্তৰভাৱে চলাই যাব বুলিও তেওঁ আশ্বাস প্ৰদান কৰে।
লগতে তেওঁ কয় যে- আজি অসমত টীকাকৰণ কাৰ্যসূচীৰ ৯৯ শতাংশৰো অধিক ডিজিটেল হৈ পৰিছে। সমগ্ৰ ব্যৱস্থাটো এতিয়া আধুনিক টেকন'ল'জিৰ দ্বাৰা পৰিচালিত হয়। আমাৰ নিষ্ঠাবান স্বাস্থ্য কৰ্মীসকলৰ অশেষ প্ৰচেষ্টাৰ ফলতে আজি অসমত ৯৫ শতাংশ মাতৃ আৰু শিশুক সফলতাৰে টিকাকৰণ কৰিবলৈ সক্ষম হোৱা গৈছে।
আনফালে, ভাষণ প্ৰসংগত তেওঁ লগতে কয়- মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বৰ বাবেই আজি ৰাজ্যৰ স্বাস্থ্য বিভাগে এই অভূতপূৰ্ব সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে।
ধুবুৰী মেডিকেল কলেজত অনুষ্ঠিত আজিৰ এই কেন্দ্ৰীয় কাৰ্যসূচীত ধুবুৰী স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: জ্যোতি কুমাৰ দাস, ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়ৰ অধ্যক্ষ ডা: অংকুমণি শইকীয়াৰ লগতে স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া আৰু ভালেসংখ্যক আশাকৰ্মী তথা স্বাস্থ্য কৰ্মী উপস্থিত থাকে।
