দুবছৰ নৌহওঁতেই ভাঙি পৰিল পকী দলংঃ ব্যাহত যোগাযোগ ব্যৱস্থা


 

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ-বৰষুণৰ তাণ্ডৱলীলা। এই প্ৰবল বৰষুণৰ মাজতে কাছাৰ জিলাৰ উদাৰবন্দ সমষ্টিত এটা পথ যোগাযোগ বিচ্চিন্ন হৈ পৰিছে। সমষ্টিটোৰ অমৰা নগৰ আৰু সোণাচোৰা সংযোগী ডলু নদীৰ ওপৰত থকা নৱনিৰ্মিত পকী দলংখনৰ এটা অংশ নিৰ্মাণৰ দুবছৰ সম্পূৰ্ণ নৌহওঁতেই খহি পৰে। এই ঘটনাই এতিয়া বিভাগীয় নিৰ্মাণকাৰী সংস্থা তথা ঠিকাদাৰৰ কামৰ গুণগত মানদণ্ডক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাবাহিক বৰষুণৰ ফলত ডলু নদীৰ জলস্তৰ বৃদ্ধি পাই আৰু তীব্ৰ সোঁতৰ সৃষ্টি হয়। ইয়াৰ ফলতে বুধবাৰে দলংখনৰ এটা ডাঙৰ অংশ খহি সম্পূৰ্ণৰূপে নিঃচিহ্ন হৈ পৰে।  এই ঘটনাৰ পাছৰে পৰা দলংখনেৰে সকলো ধৰণৰ যান-বাহন আৰু পথচাৰীৰ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে।

উল্লেখ্য যে, এই গুৰুত্বপূৰ্ণ দলংখন ভাঙি পৰাৰ ফলত অঞ্চলটোৰ এক বৃহৎ অংশৰ যোগাযোগ ব্যৱস্থা পংগু হৈ পৰিছে। বিশেষকৈ অমৰানগৰ, সত্যনগৰ, ছিৰিশথল, মধুৰা, সোণাচৰা, লাৰছিং আৰু উদাৰবন্দ এইসমূহ অঞ্চলৰ কেইবাখনো গাঁও তথা চাহ বাগিচাৰ হাজাৰ হাজাৰ লোক এতিয়া সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন হৈ তীব্ৰ  যান্ত্ৰণাত ভুগিবলগীয়া হৈছে।

দলংখন ভঙাৰ ফলত আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হৈছে স্থানীয় শিক্ষাৰ্থী আৰু দৈনিক মজুৰি কৰা চাহ শ্ৰমিকসকল। ছাত্ৰ-ছাত্ৰীসকলে স্কুল-কলেজলৈ অহা-যোৱা কৰিব পৰা নাই আৰু চাহ শ্ৰমিকসকলেও নিজৰ কৰ্মস্থলীলৈ যাব নোৱাৰি গৃহবন্দী হ'বলগীয়া হৈছে। ইয়াৰ উপৰিও অঞ্চলটোত এম্বুলেঞ্চকে  ধৰি সকলো ধৰণৰ জৰুৰীকালীন সেৱা ব্যাহত হৈ পৰিছে।

 আনফালে, দুবছৰ নৌহওঁতেই দলং ভাঙি পৰা কাৰ্যত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে। ভুক্তভোগী ৰাইজে উদাৰবন্দৰ বিধায়ক ৰাজদীপ গোৱালা আৰু জিলা প্ৰশাসনক উত্থাপন কৰিছে প্ৰশ্ন। লগতে বান আৰু বৰষুণৰ এই সংকটকালত যাতায়ত ব্যৱস্থা সুচল কৰিবলৈ অতি জৰুৰীকালীনভাৱে দলংখন মেৰামতি কৰিবলৈ অথবা বৈকল্পিক ব্যৱস্থা কৰি দিবলৈ স্থানীয় ৰাইজে চৰকাৰক দাবী জনাইছে।

Post a Comment

Previous Post Next Post