মাত্ৰ ১০ ছেকেণ্ডৰ বাবে ৰক্ষা পৰিল জুবেদ


অৰুণাচলত বুধবাৰে সংঘটিত হোৱা ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল। এই প্ৰাকৃতিক দুৰ্যোগৰ মাজতে অৰুণাচলৰ নিপকো প্ৰকল্পস্থলীত কৰ্মৰত মৰিগাঁৱৰ এজন লোকৰ  কথমপি প্ৰাণ ৰক্ষা পৰে। মাত্ৰ ১০ ছেকেণ্ডৰ ব্যৱধানত মৃত্যুৰ মুখৰ পৰা হাত সাৰিবলৈ সক্ষম হয় জুবেদ আলী নামৰ লোকজন।

প্ৰাপ্ত তথ্য মতে, জুবেদ আলীয়ে দীৰ্ঘদিন ধৰি অৰুণাচলৰ নিপকো প্ৰকল্পত কৰ্মৰত হৈ আছিল আৰু তেওঁ নিপকোৰ ৪৩ নং কলনিত বসবাস কৰিছিল। ঘটনাৰ দিনা পুৱা তেওঁ শুই থকা অৱস্থাতে হঠাতে শুনিবলৈ পাই এক প্ৰচণ্ড শব্দ। বিপদৰ উমান পাই জুবেদে ঘৰৰ পৰা বাহিৰলৈ দৌৰ মাৰে। ইপিনে  জুবেদ আলীয়ে ঘৰৰ পৰা ওলাই অহাৰ মাত্ৰ ১০ ছেকেণ্ডৰ পাছতেই তেওঁ থকা চৰকাৰী আবাসগৃহটো পানীৰ সোঁতে উটুৱাই লৈ যায়।

উল্লেখ্য যে, চকুৰ সন্মুখতে এনে দৃশ্য দেখি মৰ্মাহত হৈ পৰে লোকজন। ঘৰৰ পৰা ওলাই অহাৰ সময়ত তেওঁ হাতত কেৱল মোবাইল ফোনটো লৈ আহিছিল  লোকজনে। মৃত্যুৰ মুখৰ পৰা কথমপি  ৰক্ষা পৰা জুবেদৰ মোবাইলত বন্দী হয়  সেই ভয়ংকৰ দৃশ্য। বৰ্তমান তেওঁ সুৰক্ষিত আৰু সুস্থ অৱস্থাত আছে যদিও এই মুহূৰ্তলৈকে পৰিয়ালৰ সৈতে পোনপটীয়া সংযোগ স্থাপন হোৱা নাই। 

আনফালে, অৰুণাচলৰ এই ভয়ংকৰ দুৰ্যোগ আৰু জুবেদ আলী কথমপি ৰক্ষা পৰাৰ শিহৰণকাৰী খবৰ লাভ কৰাৰ পিছৰে পৰা মৰিগাঁৱত থকা তেওঁৰ পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰিছে। জুবেদেই হৈছে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি। নিপকোত দীৰ্ঘদিন ধৰি কৰ্মৰত হৈ থকা জুবেদৰ অৱসৰলৈ আৰু মাত্ৰ ৬ টা মাহহে বাকী আছিল। অহা ২০২৭ বৰ্ষৰ জানুৱাৰী মাহত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা । অৱসৰৰ প্ৰাকমুহূৰ্তত সংঘটিত এই ভয়াৱহ ঘটনাই জুবেদ আলীৰ লগতে তেওঁৰ পৰিয়ালটোক আতংকিত কৰি তুলিছে।

Post a Comment

Previous Post Next Post