অলিম্পিক এথলিটসকললৈ ১৪০ নিযুত ডলাৰ প্ৰদানৰ ঘোষণা


 

অলিম্পিকৰ  প্ৰথমবাৰৰ বাবে এক অভূতপূৰ্ব আৰু বৈপ্লৱিক সিদ্ধান্ত গ্ৰহণ কৰিছে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে । ক্ৰীড়াৰ সৰ্ববৃহৎ মহাকুম্ভ অলিম্পিকত অংশগ্ৰহণ কৰা খেলুৱৈসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে এইবাৰ প্ৰথমবাৰৰ বাবে অলিম্পিক এথলিটসকলক প্ৰত্যক্ষভাৱে ১৪০ নিযুত আমেৰিকান ডলাৰ প্ৰদানৰ ঐতিহাসিক ঘোষণা কৰিছে অলিম্পিক কমিটিয়ে।

উল্লেখ্য যে, অলিম্পিকৰ ১২৮ বছৰীয়া ইতিহাসত পূৰ্বে খেলুৱৈসকলক বঁটা বা অলিম্পিক কমিটিৰ তৰফৰ পৰা পোনপটীয়া কোনো ধনৰাশি দিয়াৰ নিয়ম নাছিল। আই অ'চি ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, অলিম্পিক গেমছৰ পৰা হোৱা ব্যৱসায়িক আয়ৰ এটা বৃহৎ অংশ এইবাৰ খেলুৱৈসকলৰ মাজত পোনপটীয়াভাৱে বিতৰণ কৰা হ’ব। এই বিশেষ পুঁজিৰ মূল লক্ষ্য হৈছে খেলুৱৈসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰা, যাতে তেওঁলোকে কোনো বাধা নোহোৱাকৈ নিজৰ প্ৰশিক্ষণ আৰু ক্ৰীড়াৰ মানদণ্ড উন্নত কৰিব পাৰে।

আৰ্থিক সাহায্যত এই আঁচনিখন কেৱল পদক বিজয়ী খেলুৱৈসকলৰ মাজতে সীমাবদ্ধ নাথাকিব। বৰঞ্চ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা আৰু অংশগ্ৰহণ কৰা প্ৰতিগৰাকী এথলিটৰ বাবে এক নিৰ্দিষ্ট নিয়ম অনুসৰি এই ধন বিতৰণ কৰা হ’ব। বিশেষকৈ যিসকল খেলুৱৈ আৰ্থিকভাৱে পিছপৰা দেশৰ পৰা আহে আৰু উন্নত প্ৰশিক্ষণৰ অভাৱত ভোগে, তেওঁলোকক এই পুঁজিয়ে বিশেষভাৱে সহায় কৰিব।

আনহাতে, এই যুগান্তকাৰী পদক্ষেপক সমগ্ৰ বিশ্বৰ ক্ৰীড়াবিদ, প্ৰশিক্ষক আৰু বিভিন্ন ক্ৰীড়া সংগঠনে ভূয়সী প্ৰশংসা কৰিছে। বৰ্তমানলৈকে কেৱল দেশসমূহৰ চৰকাৰ বা নিজা ক্ৰীড়া সন্থাইহে পদক বিজয়ী খেলুৱৈসকলক আৰ্থিক পুৰস্কাৰ দি আহিছিল। কিন্তু অলিম্পিকৰ মূল পৰিচালনা সমিতিয়েই নিজাববীয়াকৈ খেলুৱৈৰ হাতত পোনপটীয়া ধন তুলি দিয়াৰ এই সিদ্ধান্তই বিশ্ব ক্ৰীড়াৰ পৰিৱেশ বহুখিনি সলনি কৰিব বুলি ধাৰণা কৰা হৈছে।

Post a Comment

Previous Post Next Post