প্ৰায় ৬০০কোটি টকাৰ সম্পত্তিৰ গৰাকী কেতন আগৰৱালাৰ হত্যাকাণ্ডই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা ১৮ জুনত চিয়া গোৱেলে তেওঁৰ প্ৰেমিক চেটান চৌধুৰীৰ সৈতে মিলি নিজৰ বাগদত্তা (fiance) কেতন আগৰৱালাক (২৬) লোহাগড় দুৰ্গৰ প্ৰায় ৩,৩০০ ফুট উচ্চতাৰ পৰা তলৰ খাৱৈত ঠেলি দি হত্যা কৰিছিল।
চিয়া আৰু কেতনৰ যোৱা ফেব্ৰুৱাৰী মাহত আঙুঠি পিন্ধোৱা পৰ্ব সম্পন্ন হৈছিল আৰু অহা নৱেম্বৰ মাহত জয়পুৰত তেওঁলোকৰ ধুমধামেৰে বিবাহ সম্পন্ন হোৱাৰ কথা আছিল। হত্যাকাণ্ডৰ পিছত চিয়াই কেতনৰ পৰিয়ালক জনাইছিল যে ট্ৰেকিং কৰাৰ সময়ত ভৰি পিছলি পৰিহে কেতনৰ মৃত্যু হৈছে। কিন্তু আৰক্ষীৰ তদন্তৰ অন্তত সমগ্ৰ পৰিকল্পিত ষড়যন্ত্ৰ পোহৰলৈ আহে আৰু ২৩ জুনত আৰক্ষীয়ে চিয়া আৰু চেটান দুয়োকে গ্ৰেপ্তাৰ কৰে।
এই বিয়াখনৰ বাবে প্ৰায় ১৪ ৰ পৰা ১৭ কোটি টকা খৰছ কৰাৰ পৰিকল্পনা কৰা হৈছিল। ইয়াৰ বাবে উদয়পুৰৰ দৰে স্থানত বিলাসী হোটেল বুকিং কৰা হৈছিল আৰু ৰাজপ্ৰসাদ (Palace), ব্যক্তিগত বিমান (Private Jet) আদিৰ দৰে আড়ম্বৰপূৰ্ণ ব্যৱস্থা কৰাৰ যো-জা চলিছিল। কিন্তু হঠাতে ঘটিছিল এই ঘটনা।
ইতিমধ্যে আৰক্ষীৰ জিম্মাত থকা পৰকীয়া প্ৰেমিক চেটানৰ পিতৃপিতৃ বাবুলাল চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, আমি সেই যুৱতীগৰাকীক কেতিয়াও দেখা নাই আৰু তাইৰ বিষয়ে একোৱেই নেজানো। আনকি মই কালিহে চিয়া নামটো গম পাইছোঁ। মই তাইক প্ৰথমবাৰৰ বাবে আৰক্ষী থানাতহে দেখিছোঁ।
তেওঁ লগতে জনায় যে থানাত চেটানক লগ কৰোঁতে চেটানে কৈছিল যে ঘটনাৰ সময়ত তেওঁ চিয়া আৰু কেতনৰ পৰা বহুত আঁতৰত থিয় হৈ আছিল। চেটানৰ খুৰাক উদয়ৰাম চৌধুৰীয়েও চেটানক এগৰাকী খেলুৱৈ আৰু অতি সৰল ল’ৰা বুলি উল্লেখ কৰি তেওঁক মিছাকৈ ফান্দত পেলোৱা হৈছে বুলি দাবী কৰে।
আৰক্ষীৰ জালত কেনেকৈ পৰিল প্ৰেমিক?
আৰক্ষীয়ে চিচিটিভি (CCTV) ফুটেজ পৰীক্ষা কৰাৰ সময়ত দেখিবলৈ পায় যে ১৮ জুনৰ তীব্ৰ গৰমৰ (৩৩ ডিগ্ৰী চেলচিয়াছ) মাজতো এজন যুৱকে হুডী (Hoodie) আৰু শৰ্টছ পিন্ধি হাতত হেডফোন লৈ কেতন আৰু চিয়াক পিছে পিছে অনুসৰণ কৰি গৈছিল। সন্দেহ ওপজাত আৰক্ষীয়ে কাৰিকৰী বিশ্লেষণ আৰু ছচিয়েল মিডিয়া প্ৰফাইল পৰীক্ষা কৰি যুৱকজন চেটান চৌধুৰী বুলি চিনাক্ত কৰে।
আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে, চিয়া আৰু চেটানে বিগত দিপাৱলীৰ পৰা ইজনে সিজনৰ সংস্পৰ্শত আছিল আৰু বিগত ৬ মাহত তেওঁলোকৰ মাজত ২,০০০ বাৰতকৈও অধিক ফোন কল হৈছিল। ১৮ জুনৰ ৰাতিপুৱা পুনেৰ এখন কেফেত বহি দুয়ো মিলি কেতনক হত্যা কৰাৰ চূড়ান্ত পৰিকল্পনা কৰিছিল আৰু দুৰ্গৰ কোনটো স্থানৰ পৰা ঠেলি দিলে মৃত্যু নিশ্চিত হ’ব, সেই স্থান নিৰ্বাচন কৰিছিল।
ইয়াৰ পূৰ্বেও ১৪ জুনত চিয়াই কেতনক পাহাৰৰ পৰা ঠেলি দিবলৈ চেষ্টা কৰিছিল, কিন্তু কেতনে এডাল গছত ধৰি কোনোমতে প্ৰাণৰক্ষা কৰিছিল। সেই সময়ত চিয়াই সাপ দেখাৰ বাবেহে এনে কৰা বুলি নাটক কৰি নিজকে বচাইছিল। বৰ্তমান আৰক্ষীয়ে এই সমগ্ৰ পৰিকল্পিত হত্যাকাণ্ডৰ সন্দৰ্ভত দুয়োকে অধিক সোধা-পোছা অব্যাহত ৰাখিছে।
