পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতিঃ মোমায়েকৰ পুত্ৰক হত্যা ভাগিনৰ


 

শোণিতপুৰ জিলাৰ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ধূলপাদুং চাহ বাগিচাত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়। পাৰিবাৰিক সংঘাত আৰু অত্যাধিক সুৰাপানৰ পৰিণতিত সংঘটিত এই ঘটনাত বিৰছা চুৰিণ নামৰ এজন যুৱকৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হৈছে মোমায়েকৰ পুত্ৰ অৰ্জুন কাচোৱাই। এই হত্যাকাণ্ডক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি, ধূলপাদুং চাহ বাগিচাৰ বালোদিন লাইনৰ বাসিন্দা অৰ্জুন কাচোৱা নামৰ যুৱকজনে প্ৰতিদিনেই অত্যাধিক পৰিমাণে সুৰাপান কৰি ঘৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰি আহিছিল। বুধবাৰে নিশাও অৰ্জুনে সুৰাৰ ৰাগিত মাতাল হৈ পিতৃ-মাতৃক নিৰ্যাতন তথা নানান অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে। 

প্ৰতিদিনেই পিতৃ-মাতৃৰ ওপৰত চলি অহা এই অসহ্য নিৰ্যাতন প্ৰত্যক্ষ কৰি অৱশেষত ধৈৰ্য্য হেৰুৱাই পেলায় মোমায়েকৰ ঘৰতে থকা ভাগিন বিৰছাই। সদায় চলি থকা এই ঘৰুৱা কন্দলত অতিষ্ঠ হৈ আৰু খঙতে  বিৰছাই লাঠি লৈ অৰ্জুন কাচোৱাক প্ৰহাৰ কৰে। লাঠিৰ প্ৰহাৰ অৰ্জুন কাচোৱাই থিতাতে মৃত্যুক সাৱটি লয়।

নিশাই এই লোমহৰ্ষক হত্যাকাণ্ডৰ খবৰ বিয়পি পৰাৰ পাছতে স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে। খবৰ পোৱাৰ পাছতে ৰঙাপৰা থানাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা অৰ্জুন কাচোৱাৰ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত হত্যাকাৰী বিৰছা চুৰিণক গ্ৰেপ্তাৰ কৰে। ইপিনে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে।

Post a Comment

Previous Post Next Post